বেছিমাৰী-কলাইগাঁও গড়কাপ্তানি পথত একাঠু পানী

দলগাঁও, ২৪ এপ্ৰিলঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গৈছে। দৰং জিলাৰ ভিতৰত আটাইতকৈ ব্যস্ত বেছিমাৰী-কলাইগাঁও গড়কাপ্তানি পথ প্ৰায় ছমাহ পূৰ্বে মেৰামতি কৰা হয়। ঠিকাদাৰ কুলেন হাজৰিকা উক্ত পথৰ মেৰামতিৰ দায়িত্ব লাভ কৰে যদিও বেছিমাৰী জিলাপৰিষদ সদস্য ৰফিকুলে থাব কন্ট্ৰাক্ট লৈ প্ৰাক্-কলন বহিৰ্ভুতভাবে কৰাৰ অভিযোগ উঠিছিল। অতি নিম্নমানৰ কামৰ বাবে পথচোৱাৰ কেবা ঠাইত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। মনকৰিবলগীয়া যে, বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নাতি দূৰত বজাৰ মেৰামতিৰ এসপ্তাহ পিছতে গাঁতৰ সৃষ্টি হয় যি পাছলৈ পুখুৰীৰ আকাৰ লৈছে। পথৰ কেওকাষে বোকাৰ দম থকা হেতুকে যান বাহনৰ লগতে পথাচাৰীয়ে বোকা পানী গছকিয়ে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ৰাস্তাৰ কামত দুৰ্নীতি সহ্য কৰা নহব বুলি কোৱা বিধায়ক মজিবুৰে ৰহমানেও এইক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা