মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰ৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ এপ্ৰিলঃ- মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা সাধাৰণ লোকৰ হৈছে বি এছ এফৰ সু সম্পৰ্ক গঢ়ি তোলাৰ বাবে আজি মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত দিনজোৰা কাৰ্য্যসূচীৰে বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰি দুই শতাধিক পশু ধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে আজি পুৱা ১০ বজাৰ পৰা ৪৫ নং বেটেলিয়ান বি এছ এফ বাহিনীয়ে মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। সাংসদ আজমলৰ আদৰ্শ গাঁও পঞ্চায়তৰ অধীনত থকা আন্তৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা পশু পালক সকলে নিজৰ নিজৰ গৰু, মহ, ছাগলী লৈ এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে। বি এছ এফ আৰু হাটশিঙিমাৰী মহকুমা পশু চিকিৎসকৰ দল এটা পশু ধন সমূহৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। এই অনুষ্ঠানত ৪৫ নং বেটেলিয়ান বি এছ এফৰ তুৰা সহকাৰী কমাণ্ডেণ্ট শ্ৰী মনিশ নেগী মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিবিৰৰ শুভাৰম্ভ কৰে। আনহাতে বি এছ এফৰ আন কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে কুচনীমাৰা জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলৰ অভিভাৱক তথা বিশিষ্ট সমাজ সেৱক আনোৱাৰ ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই পশু পশু চিকিৎসা শিবিৰত পোহনীয়া গৰুক এফ এম ডি ভেকচিন প্ৰদান কৰা হয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা