বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দেহৰক্ষী জোৱান ৰাজু কলিতাৰ দূৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু।*

*বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দেহৰক্ষী জোৱান ৰাজু কলিতাৰ দূৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু।*

*নলবাৰী বৰখানাজানস্থিত  নিজ বাসগৃহত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য পালন।*



দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী  ::: ২১ এপ্ৰিল :::   ৰাজ্যত দিনক দিনে সংঘটিত হৈ আহিছে পথ দূৰ্ঘটনা । যোৱা মংগলবাৰে নিশা  বিটিচি প্ৰধান প্ৰমোদ বড়োৰ  এছকোৰ্ট বাহন খন তামুলপুৰৰ এঘাৰমাইলত  নিয়ন্ত্রণ হেৰোৱাই   পথৰ পৰা পথাৰলৈ  নামি গৈ  দূৰ্ঘটনাত পতিত হয় ।  দূৰ্ঘটনাৰ সময়ত এছকোৰ্ট বাহন খনত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নিৰপৰ্ত্তাত নিয়োজিত  চাৰি  জন  জোৱান আছিল যদিও  ৰাজু কলিতা নামৰ জোৱানজনৰ   কৰ্তব্যৰত অবস্থাত  মৃত্যু হয় আৰু তিনিজনক সংকতজনক অৱস্থাত ৰঙিয়াৰ স্বস্তি হস্পিতালত  চিকিৎসাধীন হৈ আছে । তামুলপুৰৰ এঘাৰমাইলত দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হোৱা ঘটনাই বাক্সা আৰু নলবাৰীত শোকৰ ছাঁ পেলাইছে  । 
নিহত জোৱান জনৰ মৃতদেহ যোৱা বুধবাৰে দিনৰ ভাগত মৰনোত্তৰ পৰীক্ষা কৰোৱাৰ অন্তত নিজ গৃহ নলবাৰীৰ  বৰখানাজান গাওঁলৈ লৈ অহাৰ পিছত সমগ্ৰ গাওঁ খনত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে । কান্দোনত ভাগি পৰিছে পৰিয়াল,  আত্মীয় আৰু গাওঁখনৰ লোকসকল । ৰাজ্যিক মৰ্য্যদাৰে ২৪ নং  ভাৰতীয় সংৰক্ষিত বাহিনীৰ জোৱান জনক শেষ শ্ৰদ্ধা জনাই । শ্ৰদ্ধাঞ্জলি অনুস্থানত বিটিচি প্ৰধান প্ৰমোদ বড়ো , নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰকে  ধৰি বিভিন্নজন নেতা উপস্থিত থাকে ।  বি টি চি প্ৰধান প্ৰমোদ বড়োই জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত তেওঁৰ সতে আছিল জোৱান গৰাকী । জোৱান গৰাকী অত্যন্ত ভদ্ৰ আৰু অমায়িক স্বভাৱৰ আছিল বুলি উল্লেখ কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োই জোৱান গৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়াৰ কথা ব্যক্ত কৰি পৰিয়ালটোক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । নিহত জোৱান ৰাজু কলিতাই মৃত্যু সময়ত পিতৃ মাতৃ ,  পত্নী , ডেৰবছৰীয়া কণমানী শিশুকে ধৰি গাওবাসী আৰু অংশ্যগুণমুগ্ধক ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা