অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান
অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান:: কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ১০ মে’: ক’ৰণা ভাইৰাচৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ অসম চৰকাৰে বিশেষ ভাবে প্ৰৱৰ্তন কৰা চৰকাৰী পদক্ষেপ সমূহ গোলাঘাট জিলা জিলা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শকে আহ্বান জনাইছে৷উল্লেখ্য যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান আৰু গণিত বিষয়ৰ এটা শিক্ষা অনুষ্ঠান প্ৰত্যেক সোমবাৰ,মঙ্গলবাৰ,বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা ১০বজাৰ পৰা ১১-১৫ বজালৈ দুৰদৰ্শন কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰ কৰা হৈছে৷ইফালে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 'বিশ্ব বিদ্যা অসম’ নামেৰে ইউটিউব চেনেলৰ সহায়ত সাধাৰণ বিজ্ঞান,সাধাৰণ গণিত, ইংৰাজী শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণ পাঠদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷বিশ্ব বিদ্যা অনুষ্ঠানৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমীয়া আৰু ইংৰাজী ভাষাত বিজ্ঞান,সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ ওপৰত উচ্চ প্ৰাথমিক পৰ্যা...
Comments
Post a Comment