বিজনীৰ ফুলকুমাৰীত অষ্টম বাৰ্ষিক ৰঙালী বিহু উদযাপন

বিজনীৰ ফুলকুমাৰীত অষ্টম বাৰ্ষিক ৰঙালী বিহু উদযাপন 
----------------------------------------
আমাৰ প্ৰণাম , চিৰাং ২৬ এপ্ৰিলঃ
----------------------------------
চিৰাং জিলাৰ বিজনীৰ ফুলকুমাৰী নাথপাৰাত আজি ফুলকুমাৰী সমন্বয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত  অষ্টম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয় । কাৰ্যসূচীমৰ্মে আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু বন্তি প্ৰজ্বলন কৰে ৬২৮ নং ফুলকুমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেজেন্দ্ৰ চন্দ্ৰ ৰায়ে । ইয়াৰ পাছতেই উদযাপন সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ৰায়ৰ বিহু পতাকা উত্তোলন, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গণেশ ৰায়ৰ শ্বহীদ তৰ্পণ আৰু সমাজকৰ্মী প্ৰদীপ কুমাৰ ৰায়ে গছপুলি ৰোপণ কৰে। ৰঙালী বিহু উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লিলৈ স্থানীয় শিল্পী সকলে নৃত্য-গীত পৰিৱেশন কৰে। সন্ধিয়ালৈ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই।  নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি অসমৰ নিউজ লাইভ টেলিভিছন চেনেলৰ বিশেষ আকৰ্ষণীয় অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি  
অনুষ্ঠান অনুষ্ঠিত হয় লগতে সাংস্কৃতিক সন্ধিয়াৰ দ্ধাৰ মুকলি কৰে - বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা