আজি পৰ্যন্ত উদ্ধাৰ নহল জি এম চি এইচ ৰ পৰা চুৰি হোৱা ৭ মহীয়া শিশু প্ৰিয়ম কলিতাৰ
## আজি পৰ্যন্ত উদ্ধাৰ নহল জি এম চি এইচ ৰ পৰা চুৰি হোৱা ৭ মহীয়া শিশু প্ৰিয়ম কলিতাৰ ## ### অনুসন্ধানত ৮ দিনে ব্যৰ্থ মহানগৰ আৰক্ষী ### দৈনিক আমাৰ প্ৰণাম ২১ এপ্ৰিল :::: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল চমুকৈ জি এম চি এইচৰ শিশু ৱাৰ্ডৰ পৰা যোৱা ১৩ এপ্ৰিলৰ ৰাতিপুৱা ৪ - ৩০ বজাৰ পৰা চুৰি হয় হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বুজিমনি কলিতাৰ ৭ মহীয়া পুত্র প্ৰিয়ম কলিতাৰ । ইয়াৰ পিছতে পৰিয়ালৰ লোকে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । ভঙাগড় আৰক্ষীয়ে লগে লগে জি এম চি এইচৰ অধীক্ষকৰ লগত চি চি টিভি কেমেৰা নিৰিক্ষণ কৰিছিল । সেই চিচি টিভি কেমেৰাত কেনেদৰে শিশুটোক এগৰাকী মাস্ক আৰু শাৰী পিন্ধা মহিলাই শিশু ৱাৰ্ডৰ পৰা ৭ মহীয়া শিশুটোক অপহৰণ কৰি নিছিল সমগ্ৰ দৃশ্য প্ৰায় ১০ টা কেমেৰাত বন্দী হৈ পৰিছিল । মহানগৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু ক্ৰাইম বাঞ্চে জি এম চি এইচত উপস্থিত হৈ জি এম চি এইচৰ অধীক্ষক ডা : অভিজিৎ শৰ্মা লগত লৈ সমগ্ৰ ঘটনাটো তদন্ত কৰিছিল । চি চি টিভিৰ কেমেৰাত মহিলা গৰাকী চিনাক্ত হোৱাৰ পিছতো গেপ্তাৰ নহল অপহৰণকাৰী মহিলা গৰাকী । জি এম চি এইচৰ বাহিৰে ভিতৰে অসম আৰক্ষী , হোমগাৰ্ড , বেটেলিয়ান , ছিকুৰিটি থকাৰ লগতে জি এম চি এইচৰ গাতে লাগি আছে ভঙাগড় আৰক্ষী থানা তাৰ পিছতো কিদৰে শিশুটো চুৰি কৰি লৈ গল তাক লৈ বিভিন্ন মহলত প্ৰশ্ন হৈছে । যিমানে দিন গৈছে সিমানে ৰহস্যজনক হৈ পৰিছে সমগ্ৰ ঘটনা । এক প্ৰকাৰ শিশুটোৰ সন্ধান ওলোৱাত মহানগৰ আৰক্ষী ব্যৰ্থ হৈছে নে আৰক্ষী হেমাহি হৈছে তাক লৈ বহুতে প্ৰশ্ন তুলিছে ।
Comments
Post a Comment