দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা যমুনামুখ সমষ্টিৰ এআইইউডিএফ নেতা মোহাম্মদ আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী

দৈনিক আমাৰ প্ৰণাম,সেৱা,ডবকা,২৪ এপ্ৰিলঃ
দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত যমুনামুখ সমষ্টিৰ এগৰাকী প্ৰভাৱশালী এআইইউডিএফ নেতালৈ দলে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৷ শনিবাৰে বিয়লি ডবকা ডিফু বাইপাছস্থিত এআইইউডিএফ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰি কৰে হোজাই জিলা এআইইউডিএফৰ সভাপতি হেলাল উদ্দিন আহমেদে৷ প্ৰাপ্ত অভিযোগ মতে, বিগত পৌৰসভা নিৰ্বাচনত ডবকা পৌৰসভা গঠনত এআইইউডিএফৰ পৰা নিৰ্বাচিত পৌৰ সদস্যক প্ৰত্যক্ষভাৱে বিজেপি-অগপ মিত্ৰজোঁটলৈ ঠেলি দিয়াত সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছিল মোহাম্মদ আলীৰ বিৰুদ্ধে ৷ পৌৰসভা গঠনৰ আগদিনা হোজাই জিলা অগপৰ সভাপতি আলহাজ ৰেজাউল কৰিম চৌধুৰীৰ সৈতে এক ইফতাৰ পাৰ্টিত এআইইউডিএফ যমুনামুখ সমষ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক মোহাম্মদ আলীয়ে নিজৰ খুলখালীক লগত লৈ অংশ গ্ৰহণ কৰিছিল ৷ তেওঁৰ পৰোক্ষ ইচাৰাত ডবকা পৌৰসভাৰ পৰা নিৰ্বাচিত হোৱা দলটোৰ ৩ নং ৱাৰ্ড আৰু ১০ নং ৱাৰ্ডৰ সদস্যদ্বয়ে অগপ-বিজেপি মিত্ৰজোঁটলৈ সমৰ্থন আগবঢ়াইছিল ৷ কংগ্ৰেছ-এআইইউডিএফে ডবকা পৌৰসভা গঠন কৰা একেবাৰে সহজ আছিল ৷ নিৰ্বাচনতো দুয়োটা দলে ডবকা পৌৰসভাত আসন বুজাবুজিৰে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল ৷ কিন্তু কংগ্ৰেছৰ আশাত চেঁচাপানী ঢালি অগপ-বিজেপিয়ে মিলি ডবকা পৌৰসভা গঠন কৰিবলৈ সক্ষম হয়৷ কংগ্ৰেছৰ পৰা নিৰ্বাচিত চাৰি নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী মিনাৰা বেগমক পৌৰপতি নিৰ্বাচিত কৰা হয় ৷ মিনিৰা বেগম এআইইউডিএফ নেতা মোহাম্মদ আলীৰ খুলখালী৷ এই সমগ্ৰ ৰাজনৈতিক খেলখনৰ আঁৰত মোহাম্মদ আলীৰ ভূমিকা থকা বুলি স্পষ্ট হয় ৷ শনিবাৰে যমুনামুখ সমষ্টি এআইইউডিএফৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰা হয় ৷সংবাদমেলখন সম্বোধন কৰে হোজাই জিলা এআইইউডিএফৰ সভাপতি হেলাল উদ্দিন আহমেদ, বিধায়ক ছিৰাজ উদ্দিন আজমলৰ ৰাজনৈতিক সচিব আকবৰ আলী, আব্দুল মন্নান, সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক আব্দুল হাই মীৰে৷ সংবাদমেলখনত দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত মোহাম্মদ আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়৷ অহা ২৬ এপ্ৰিল তাৰিখৰ ভিতৰত তেওঁ ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিলে দলে তেওঁৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লব বুলি সংবাদমেলখনত উল্লেখ কৰে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, মোহাম্মদ আলীয়ে বিগত কেবাদিনৰ পৰা দল বিৰোধী কাৰ্যত জড়িত থকা বুলি দলে বিভিন্ন সূত্ৰৰ পৰা অভিযোগ লাভ কৰিছিল৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা