বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্য।

বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্য।

বঙাইগাঁৱৰ প্ৰতিবেদক ২৬এপ্ৰিলঃ- বঙাইগাঁৱ  জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডত এগৰাকী আদহীয়া মহিলাৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নসেৰ আলীৰ  নিজ গৃহৰ গোহালীত তেজেৰে লুতুৰি পুতুৰি থকা অৱস্থাত কটাৰীসহ মৃতদেহ উদ্ধাৰ হয়। ইফালে মহিলাগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱা বাবে নিজেই আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে স্বামীয়ে । ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ মৃত্যু দেহ উদ্ধাৰ কৰি লৈ যায়।

ঘটনাটো হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।


প্ৰেৰকঃ- কুৰবান আলী আহমেদ, বঙাইগাঁৱ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা