নগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

 ।

বিশেষ বাৰ্তা , নগাঁও , ২৭ এপ্ৰিল , নগাঁও আৰক্ষীয়ে নগাঁও জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ড্ৰাগছ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ ধিং গেট আৰু জুৰীয়াত যোৱা নিশা অভিযান চলাই । এক গোপন সূত্ৰৰ পম খেদি হয়বৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী আৰু উপ পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ধিং গেটত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জন হল চহৰখনৰ ইছলাম পট্টিৰ চফিকুল ইছলাম (২৬) । আৰক্ষীয়ে তেওঁৰ জিন্মাৰ পৰা এটা হিৰইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। চফিকুলৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশাই জুলীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰীৰ আছাদুল (২৬) নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰত অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে আছাদুলৰ ঘৰৰ পৰা ১৯ টা হিৰইন ভৰ্ত্তি কণ্টেনাৰ আৰু ১৫ টি খালি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয় । হয়বৰগাও আৰক্ষীয়ে জুৰীয়া আৰক্ষীৰ সহযোগত আছাদুলৰ ঘৰত অভিযান চলাইছিল। এই দুয়োটা অভিযানত আৰক্ষীয়ে ২.৫৬ গ্ৰাম হিৰইন জব্দ কৰিবলৈ সক্ষম হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা