বিশ্ব স্বাস্থ্য সংস্থাৰ উচ্চ স্তৰৰ প্ৰতিনিধি দলৰ দুদিনীয়া বৰপেটা পৰ্যবেক্ষণ, আশাৰ বাৰ্তা

#  #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ এপ্ৰিলঃ বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৰ এক উচ্চ স্তৰীয় প্ৰতিনিধি দলে বৰপেটা জিলা স্বাস্থ্য সমিতিৰ অধীনস্থ চৰকাৰী স্বাস্থ্য খণ্ডৰ পাঁচখন চিকিৎসা প্ৰতিষ্ঠান ৰ চৰজমিন পৰ্যবেক্ষণ কৰি এক বিশেষ বাৰ্তা লৈ যায়।দুদিনীয়া  পৰ্যবেক্ষণ কালত বিশ্ব সময়ছোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিজন , ৰাজ্যিক পৰ্যায়ৰ এজন আৰু জিলা পৰ্যায়ৰ এজনী প্ৰতিনিধি ৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,বৰপেটাৰ সহযোগত ২৬ এপ্ৰিল ৰ প্ৰথম দিনা মন্দিয়া খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰ অধীনস্থ দূৰ্গম চৰ অঞ্চলৰ হাপাচৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ ত উপস্হিত হৈ সূক্ষ্ম পৰ্যবেক্ষণ কৰাৰ লগতে কল্যান কেন্দ্ৰ ত নিয়োজিত স্বাস্থ্য কৰ্মীৰ উপৰি স্হানীয় ৰাইজৰ লগত মত বিনিময় কৰে। মত বিনিময়ত মুলতঃ দূৰ্গম অঞ্চলৰ সৰ্বসাধাৰণৰ স্বাস্থ্য খণ্ডত প্ৰত্যাহ্বান আৰু তাৰ প্ৰতিকাৰ কিদৰে কৰিব পৰা যায় তাৰে এক আভাস লয়। সেইদিনাই দলটিয়ে বৰপেটা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থ নাথ শৰ্মা আৰু মুখ্য চিকিৎসা বিষয়া ডা: পৰেশ কলিতাৰ লগত মত বিনিময় কৰাৰ উপৰি বৰপেটা জিলা উপায়ুক্ত তথা জিলা স্বাস্থ্য সমিতিৰ সভাপতি তেজ প্ৰসাদ ভুষালৰ লগতো ইতিবাচক মত বিনিময় কৰে। দ্বিতীয় দিনা অৰ্থাৎ ২৭ এপ্ৰিলত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটী মেডিচিন (Community Medicine) বিভাগৰ মুৰব্বীৰ মত বিনিময় কৰি নবগঠিত বজালী জিলাৰ ক্ৰমে ভোগপুৰ আৰু ৰতনপুৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰৰ উপৰি গোমুৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্হিত হৈ চিকিৎসক, কৰ্মী তথা স্হানীয় ৰাইজৰ লগত নিবিড়ভাৱে মত বিনিময় কৰে।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি গোট টোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈ, দলপতি ডা: ডি গ্ৰেভ হিল'ডে ৰে'ণে শুশানে(Dr.De Graeve Hilde Rene Susanne) ডা:- দিলীপ সিং মৈৰেম বাম , ৰাজ্যিক পৰ্যায়ৰ ডা:- বিৰাজ কান্তি সোম আৰু জিলা পৰ্যায়ৰ বিৰিণা ভড়ালীয়ে বৰপেটা জিলা স্বাস্থ্য সমিতিৰ বাবে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, বৰপেটা জিলাৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে সংবাদ মাধ্যমক জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা