Ratan Tata: অসমক কি ৰূপত চাব বিচাৰে কৰ্কট চিকিৎসালয়ৰ আঁৰৰ ব্যক্তি ৰতন টাটাই, শুভাৰম্ভণী অনুষ্ঠানৰ ভাষণত ক'লে এনেদৰেভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে স্থাপন কৰিছিল আধাৰশিলা। প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰা এই প্ৰকল্পবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰকল্প আছিল ৰাজ্যখনত কেইবাটাও কেন্সাৰ কেয়াৰ কেন্দ্ৰ স্থাপন। এই প্ৰকল্পৰ আঁৰৰ ব্যক্তিগৰাকী আছিল অলপতে অসম বৈভৱ সন্মানেৰে সন্মানিত বিশিষ্ট উদ্যোগপতি ৰতন টাটা (Cancer Hospital in Assam by TATA trust)।

ৰতন টাটায়ো আজি ডিব্ৰুগড়ৰত কেন্সাৰ কেয়াৰ কেন্দ্ৰ বা কৰ্কট চিকিৎসালয়ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি ভাষণ ৰাখিছিল। ভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ কয়- "মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গা কৰিছোঁ। অসমক এনে এখন ৰাজ্য ৰূপে তৈয়াৰ কৰক, যাক সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে।"

    • Home 
    • » 
    • News
    •  »
    •  assam 
    • »
    • Ratan Tata: অসমক কি ৰূপত চাব বিচাৰে কৰ্কট চিকিৎসালয়ৰ আঁৰৰ ব্যক্তি ৰতন টাটাই, শুভাৰম্ভণী অনুষ্ঠানৰ ভাষণত ক'লে এনেদৰে

    Ratan Tata: অসমক কি ৰূপত চাব বিচাৰে কৰ্কট চিকিৎসালয়ৰ আঁৰৰ ব্যক্তি ৰতন টাটাই, শুভাৰম্ভণী অনুষ্ঠানৰ ভাষণত ক'লে এনেদৰে

    ভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়

    Advertisement
    আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে স্থাপন কৰিছিল আধাৰশিলা। প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰা এই প্ৰকল্পবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰকল্প আছিল ৰাজ্যখনত কেইবাটাও কেন্সাৰ কেয়াৰ কেন্দ্ৰ স্থাপন। এই প্ৰকল্পৰ আঁৰৰ ব্যক্তিগৰাকী আছিল অলপতে অসম বৈভৱ সন্মানেৰে সন্মানিত বিশিষ্ট উদ্যোগপতি ৰতন টাটা (Cancer Hospital in Assam by TATA trust)।

    ৰতন টাটায়ো আজি ডিব্ৰুগড়ৰত কেন্সাৰ কেয়াৰ কেন্দ্ৰ বা কৰ্কট চিকিৎসালয়ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি ভাষণ ৰাখিছিল। ভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ কয়- "মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গা কৰিছোঁ। অসমক এনে এখন ৰাজ্য ৰূপে তৈয়াৰ কৰক, যাক সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে।"

    উল্লেখ্য, টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে। ২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ ৰতন টাটা (Ratan Tata)ৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল।

    ইয়াৰ ফলতে ৰাজ্যত ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি থকা হৈছে। এই প্ৰকল্পৰে আজি ৬খন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ লগতে আন ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।
    Published by:Gautam Barman
    First published:

    Comments

    Popular posts from this blog

    অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

    শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

    মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা