দক্ষিণ শালমাৰাত হস্ততাঁত বয়ন শিল্প উন্নয়ণৰ নাম বিয়াগোম দুৰ্নীতিৰ অভিযোগ৷
একাংশ কৰ্মচাৰীৰ মইমতালিত বঞ্চিত হৈ আছে প্ৰশিক্ষণ প্ৰাপ্ত হিতাধীকাৰী শিপিনী সকলে।
দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২১ এপ্ৰিলঃ- নামনি অসমৰ হস্ততাত বয়ন শিল্প আদৰ্শ গাওঁ হিচাপে দক্ষিণ শালমাৰা সমষ্টিৰ চতলাৰপাৰ সকলো ঠাইতে জনাজাত৷ যত প্ৰতিটো পৰিয়ালে জড়িত হৈ আছে হস্ততাঁত বয়ন শিল্প কৰ্মত। থলুৱা শিল্প উন্নয়ণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন আঁচনি৷ সেই হিচাপে ধুবুৰী জিলাখনতো চৰকাৰে আৱণ্টন দিছিল দুই কৌটি টকা। চৰকাৰে শিপিনী সকলোক উন্নতমানৰ প্ৰশিক্ষণ, তাঁতশাল, আদি প্ৰদানৰ বাবে আৱণ্টন দিছে লাখলাখ টকা৷ কিন্তু উক্ত ধনৰ সৎ ব্যৱহাৰ নোহোৱাৰো অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে৷ চতলাৰপাৰ হেণ্ডলুম ডেভেলপমেণ্ট আঁচনিৰ ধন সঠিক ব্যৱহাৰ নকৰি চক্ৰ পৰিদৰ্শক জাকিৰ হোচেইন আৰু চক্ৰ বিষয়া নিজৰ খেয়াল খুচিমতে ধন ব্যৱহাৰ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ধুবুৰী জিলা প্ৰকল্প সমিতিৰ সদস্য কাজিম উদ্দিন শিকদাৰে৷ উল্লেখ্য যে, উক্ত প্ৰকল্পৰ অধীনত চতলাৰপাৰ হেণ্ডলুম ডেভেলপমেণ্ট আঁচনিৰ অধীনত প্ৰশিক্ষণ লৈছিল ৫৪০ গৰাকী শিপিনীয়ে। শিপিনী সকলোক চৰকাৰে তিনিমাহ প্ৰশিক্ষণ দিছে৷ চৰকাৰী নিয়ম মতে প্ৰশিক্ষণ বাবদ প্ৰতিদিনে শিপিনী সকলে মাননি হিচাপে দুশটকা কৈ পাব৷ এগৰাকী শিপিনীয়ে তিনিমাহ প্ৰশিক্ষণ দিয়াৰ বাবে মুঠ ছহেজাৰ টকাকৈ সংশ্লিষ্ট বিভাগে বেংক একাউণ্ট যোগে দিয়াৰ কথা যদিও প্ৰশিক্ষণ লোৱাৰ দুমাহ অতিক্ৰম হোৱাৰ পিচতো আজিলৈকে মাননিৰ টকাখিনি লাভ কৰা নাই শিপিনী সকলে৷ ইফালে শিপিনী সকলোক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক মহিদুৰ হকে টকাখিনি উঠাই দিয়াৰ বাবে প্ৰতিগৰাকী শিপিনীৰ পৰা ৫০০ টকাকৈ উৎকোচ বিচৰা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলা প্ৰকল্প সমিতিৰ সদস্য কাজিম উদ্দিন শিকদাৰে জানিবলৈ দিয়া মতে প্ৰশিক্ষণ প্ৰাপ্ত ৫৪০ গৰাকী শিপিনীৰ ভিতৰত আনুমানিক ৪০ গৰাকী শিপিনীয়ে লাভ কৰিছে তাঁতশাল৷ বিভাগটোৱে যোগান ধৰা তাঁতশাল কেইটাও বেয়া আৰু নিম্নমানৰ হোৱাত গভীৰ ক্ষোপ প্ৰকাশ কৰে হিতাধীকাৰী সকলে৷ এই সন্দৰ্ভত, ৰাজ্য চৰকাৰক ন্যায়িক তদন্তৰ দাবী জনাইছে ধুবুৰী জিলা হস্ততাঁত প্ৰকল্প সমিতিৰ সদস্য কাজিম উদ্দিন শিকদাৰে৷
Comments
Post a Comment