ইউপিপিএলৰ গয়বাৰী মণ্ডলৰ উদ্যোগত ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে স্বচ্ছ তামুলপুৰ অভিযান।



নয়নজ্যোতি দাস, তামুলপুৰঃ২৮ এপ্ৰিলঃ
 
ৰাষ্ট্ৰপতিৰ পদাৰ্পণৰ বাবে স্বচ্ছ তামুলপুৰ অভিযান কাৰ্যসূচীৰে  ইউপিপিএলৰ কৰ্মকৰ্তা সকলে তামুলপুৰৰ সৌন্দৰ্য্যবৰ্ধনত নামি পৰা পৰিলক্ষিত হৈছে। তামুলপুৰৰ কচুবাৰী গৗজৗন ফৗথাৰত  অহা ২, ৩ আৰু ৪মে'ত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন খন। সাফল্যমণ্ডিত কৰিবলৈ অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে সহযোগিতাৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অধিবেশনৰ অন্তিম দিনা অৰ্থাৎ ৪মে'ত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আগমনৰ কথাক লৈ উৎফুল্লিত ৰাইজে প্ৰস্তুতি চলাইছে ভিন্ন ধৰণে তাৰেই পৰিপ্ৰেক্ষিতত আজি তামুলপুৰ জিলাৰ গয়বাৰী মণ্ডল ইউপিপিএলৰ উদ্যোগত বিজেপি দলৰ কৰ্মকৰ্ত্তা সকলৰ সহযোগত  ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে স্বচ্ছ তামুলপুৰ অভিযানৰ  আয়োজন কৰি  অঞ্চলটোৰ বিভিন্ন প্ৰান্তত কৰ্মকৰ্ত্তা সকলে হাতত ঝাড়ু, দা, কোডাল লৈ চফাই অভিযান চলাই গৈছে । আজি এঘাৰ মাইলত স্বচ্ছ তামুলপুৰ অভিযানৰ শুভৰাম্ভ কৰা হয় । শুভৰাম্ভ কৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সোমানথ নাৰ্জাৰীয়ে ৷ পাছত কৰ্মকৰ্ত্তাসকলে  ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ পথ সমূহ চাফ চিকুন কৰাৰ লগতে ঝাৰগাৱঁ পৰ্যন্ত চাফাই অভিযান চলাই ৷ আনহাতে গোৰেশ্বৰ চ’কলৈও আন এটি দলে পথৰ দুয়োকাষ চাফ-চিকুন কৰি তোলে। আজিৰ অনুষ্ঠানত তামুলপুৰ জিলা ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি ৰোমিত স্বৰ্গীয়াৰী, গয়বাৰী ব্লক ইউপিপিএল  সমিতিৰ সভাপতি নৰহৰি মহন্ত কেন্দ্ৰীয় নেতা হাচিম আলী ৩ নং তামুলপুৰ ভিচিডিচিৰ সভাপতি গনেশ গুৰুঙ সহ  দুয়োটা দলৰ আন আন  কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা