ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ আৰু ই-পচ মেচিন ব্যৱহাৰ সন্দৰ্ভত ডীলাৰৰ লগত বঙাইগাঁও জিলা উপায়ুক্তৰ আলোচনা

বঙাইগাঁওঃ ২৭এপ্ৰিলঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে বঙাইগাঁও জিলা প্ৰশাসন আৰু খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ  জিলা কাৰ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰে অন্ন যোজনা সন্দৰ্ভত এক আলোচনা।এই উপলক্ষ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে বুধবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ ডীলাৰৰ সৈতে এক আলোচনাত মিলিত হয়। বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত(খাদ্য আৰু অসামৰিক যোগান) নৱজ্যোতি ওজা আৰু অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীৰ উপস্থিতিত জিলাখনৰ ডীলাৰসকলৰ অধীনত থকা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নামৰ সৈতে আধাৰ সংযোগ কৰা আৰু অন্ন যোজনাৰ সামগ্ৰীসমূহ উঠোৱাৰ ক্ষেত্ৰত ই-পচ মেচিনেৰে লেন-দেন কৰাটো  বাধ্যতামূলক কৰা সন্দৰ্ভত আলোচনা কৰে। গতিকে এইক্ষেত্ৰত জিলাখনৰ ডীলাৰসকলে কিমানখিনি কাৰ্যপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকে পোৱা সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লৈছে সেই সম্পৰ্কে যোগান বিভাগৰ পৰিদৰ্শকৰ পৰা বুজ লয়।এই সন্দৰ্ভত আধাৰ কাৰ্ড নোহোৱা,এন আৰ চি সমস্যা,কোনোবা হিতাধিকাৰীৰ মৃত্যু হোৱা অথবা কোনোবা বাহিৰত থকাৰ বাবে যিসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোগ হোৱা নাই সেই সমস্যা অতি শীঘ্ৰে আঁতৰ কৰাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ যোগান বিভাগৰ পৰিদৰ্শক আৰু ডীলাৰ সকলক নিৰ্দেশ দিয়ে উপায়ুক্ত নবদ্বীপ পাঠকে।তদুপৰি আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ১০০ শতাংশ পঞ্জীয়ন নিশ্চিত কৰিবলৈ যোগান বিভাগৰ পৰিদৰ্শকসকলক ডীলাৰসকলক সহায় কৰিবলৈ উপায়ুক্ত উপায়ুক্ত পাঠকে পৰামৰ্শ দিয়ে।বিষয়টোৰ গুৰুত্ব বুজি ডীলাৰসকলে যথাযথ ব্যৱস্থা গ্ৰহণ নকৰিলে পিছলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী নাপাব।গতিকে হিতাধিকাৰীসকলক আধাৰ সংযোগ কৰাটো নিতান্তই প্ৰয়োজন বুলি উপলব্ধি কৰাব লাগিব বুলি কৈ উপায়ুক্তগৰাকীয়ে ডীলাৰসকলক এই কাম আগন্তুক দহ দিনৰ ভিতৰত নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ আলোচনাত যোগান বিভাগৰ জিলা কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক পৰমেশ ভট্টাচাৰ্য সমন্বিতে পৰিদৰ্শক,উপ-পৰিদৰ্শক আৰু আন আন বিষয়ববীয়া আৰু ডীলাৰসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা