উদ্ধোধনীৰ পিছতে উপায়ুক্ত‌ই মুকলি কৰিলে বৰপেটা কেঞ্চাৰ হস্পিটালৰ অ'পিডি*

*               // *প্ৰথম দিনাই ৫০ কৰ্কট ৰোগীয়ে কৰিলে স্বাস্থ্য পৰীক্ষা*         


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ এপ্ৰিল: কালি প্ৰধান মন্ত্ৰীয়ে আন ৬ খন চিকিৎসালয়ৰ লগতে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা বৰপেটা কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰত আজিৰে পৰা ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি পুৱা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে চিকিৎসালয়খনৰ বৰ্হি চিকিৎসা কোষ সমূহ মুকলি কৰে। তেওঁ উন্নত মানৰ সুদৃশ্য চিকিৎসালয়খনৰ সকলোবোৰ বিভাগ পৰিদৰ্শন কৰি ইয়াৰ কাৰ্যপ্ৰণালীৰ বুজ লয়। উপস্থিত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, চিকিৎসালয়খনত কেমোথেৰাপী, চিটী স্কেন, ব'ন মেৰো ট্ৰেন্সপ্লান্ট আদিৰ বাবে অতি উন্নত মানৰ শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰপাতি ৰখা হৈছে, যাৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ অতি সঠিক আৰু দ্ৰুততৰ হ'ব। বৰপেটা জিলাত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ খুবেই বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটোৰ আক্ৰান্ত ৰাইজ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ চিকিৎসালয়ৰ অ'পিডি মুকলি পৰ্বত উপস্থিত থকা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ৰমেন তালুকদাৰে কয় যে,  বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা কনিষ্ঠ চিকিৎসক সকলৰ অধ্যয়নৰ বাটতো এই চিকিৎসালয়খন যথেষ্ট সহায়ক হ'ব। বৰপেটা কৰ্কট চিকিৎসা কেন্দ্ৰটি যদিও সুকীয়া কৰ্তৃত্বৰ দ্বাৰা পৰিচালিত হ'ব, তথাপি দুয়োখন চিকিৎসালয় পাৰস্পৰিক সহযোগিতাৰ মাজেৰে ৰোগীৰ সেৱাত নিয়োজিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰটিৰ অধীক্ষক ডা: সত্য নাৰায়ন শৰ্মাই জনোৱা মতে,  চিকিৎসাল‌য়খনত ১৮ জন চিকিৎসকৰ পদ আছে আৰু ইতিমধ্যে ৯ জন অভিজ্ঞ চিকিৎসক মকৰল কৰা হৈছে। বৰ্তমান ইয়াত যথেষ্ট সংখ্যক প্ৰশিক্ষিত নাৰ্চো আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে, ইয়াত অসম চৰকাৰৰ নিৰ্ধাৰিত নিৰিখ অনুযায়ীয়ে মাত্ৰ ১০ টকাৰে পঞ্জীয়ন কৰাৰ পিছতে ৰোগীৰ চিকিৎসা আৰম্ভ হ'ব। তদুপৰি অন্যান্য পৰীক্ষা-নিৰীক্ষাৰ বাবেও চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মাছুল হে লোৱা হ'ব। অটল অমৃত যোজনা বা তেনে কোনো স্বাস্থ্য বীমা আঁচনিৰ হিতাধিকাৰী সকলে নিয়মানুযায়ী বিনামূলীয়া চিকিৎসাৰ সুবিধাও লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।ইতিমধ্যে  তিনিটা মহলা ব্যৱহাৰৰ বাবে সাজু হৈ উঠা সুদৃশ্য চিকিৎসালয়খনত আজি প্ৰথম দিনটোতে ৫০ জন ৰোগীয়ে নাম পঞ্জীয়ন কৰি চিকিৎসা আৰম্ভ কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে, ১৩০ খন বিচনাৰ সুবিধা থকা চিকিৎসালয়খনত অহা এপষেকৰ ভিতৰতে অস্ত্ৰোপ্ৰচাৰৰ সুবিধাও উপলব্ধ হ'ব। আজিৰ শুভাৰম্ভণী পৰ্বত জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস আৰু সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাও উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা