নোৱাপাৰাত ২৮ সংখ্যক ৰঙালী বিহু-ৰংজালি বৈশাগু উদযাপন


--------------------------------------
সংবাদ দাতা : ৰাজীৱ বৰ্মন 
আমাৰ প্ৰণাম , চিৰাং ,২৩ এপ্ৰিলঃ
------------------------------------
চিৰাঙৰ বিজনীৰ নোৱাপাৰা ৰঙালী বিহু কমিটীৰ উদ্যোগত বুধবাৰে  ২৮ সংখ্যক ৰঙালী বিহু আৰু ৰংজালি বৈশাগু উদযাপন কৰা হয়। তদুপলক্ষে, পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ধীৰেন গয়াৰীয়ে । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সবেন বসুমতাৰীয়ে । দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰসেনজিৎ বসুমতাৰীয়ে । বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি বিহু উদ্বোধন কৰে উদযাপন সমিতিৰ উপদেষ্টাদ্বয় ললিত ৰায় আৰু মাণিক বসুমতাৰীয়ে । ইফালে,   বিটিচিৰ ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে সন্ধিয়া অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । উক্ত সাংস্কৃতিক সন্ধিয়াত থলুৱা শিল্পীসকলে গীত,নৃত্য পৰিৱেশন কৰাৰ উপৰিও আমন্ত্ৰিত শিল্পীদ্বয় মণিষা দেৱী আৰু ঊষাৰাণী ব্ৰহ্মই গীতৰ শৰাই আগবঢ়ায় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা