ধুবুৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ-অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

ধুবুৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ-অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা । 

ধুবুৰী, ২১ এপ্ৰিল

ধুবুৰী জিলাৰ সিন্দুৰাইত বুধবাৰ নিশা আৰক্ষীৰ এনকাউন্টাৰ । হালাকুৰা আৰক্ষীৰ এনকাউন্টাৰত গুলিবিদ্ধ ৱেব পোৰ্টলৰ সাংবাদিক বাহাৰুল ইছলাম । যোৱা মঙ্গলবাৰৰ নিশা সুভাষ বৰ্মন নামৰ প্ৰাক্তন আলফা সদস্যক গুলিচালনাৰ ঘটনাত জড়িত আছিল বাহাৰুল । সুভাষ বৰ্মনক গুলিয়াই আহত কৰাৰ লগতে তেওঁৰ বাইকলৈ উধাও হৈছিল দুৰ্বৃত্তৰ দলটোৱে । ঘটনা সন্দৰ্ভত অভিযুক্ত বাহাৰুল ইছলাম , সজল অধিকাৰী আৰু আছকত আলীৰ বিৰুদ্ধে হালাকুৰা আৰক্ষী চকীত  140/22 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযান চলায় ।হালাকুৰা আৰু গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই  অভিযুক্ত বাহাৰুল ইছলাম আৰু আছকত আলীক ভাৰত বাংলাদেশ সীমান্তৰ নালিয়াৰ পৰা আটক কৰে । ধৃত দুই অভিযুক্তক লগত লৈ বুধবাৰ নিশা হালাকুৰা আৰক্ষীয়ে ব্যৱহৃত পিষ্টল আৰু বাইক  উদ্ধাৰৰ বাবে সিন্দুৰাইত অভিযান চলায় । অভিযানত সিন্দুৰাই গাওঁৰ আব্দূল হামিদ নামৰ এজন ব্যাক্তিৰ কৱলৰ পৰা পিষ্টল আৰু বাইক উদ্ধাৰ কৰে আৰক্ষীয়ে । অভিযানৰ সময়তে ধৃত বাহাৰুলে আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ প্ৰচেষ্টা চলোৱাত আৰক্ষীয়ে দুই জাই গুলিচালনা কৰে ।‌ আৰক্ষীৰ গুলিত গুলিবিদ্ধ হয় ধৃত বাহাৰুল । আহত বাহাৰুল ইছলামক ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰা হৈ আছে ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা