চেঙা শিক্ষাখণ্ডৰ বনিয়াকুছিত যোগ বাচনি শিবিৰ

। 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ এপ্রিলঃযোগ শিক্ষাৰ জৰিয়তে সুস্থ শৰীৰৰ গঠন কৰাৰ উদ্দেশ্যে বিদ্যাৰ্থী সকলক যোগৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনপ্রিয় কৰিবলৈ শিক্ষা বিভাগে এলানি কৰ্মসূচী হাতত লৈছে। এইমৰ্মে
ৰাষ্ট্ৰীয় পৰ্যায়ত অহা ১৮ ৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হবলগীয়া যোগ অলিম্পিয়াডৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুক্ষেত্ৰী হাইস্কুলত আজি খণ্ড পৰ্যায়ৰ যোগ বাচনি শিবিৰ এটি অনুষ্ঠিত হয়।উক্ত শিবিৰত প্ৰশিক্ষক আৰু বিচাৰক হিচাপে উপস্থিত থাকে যোগ শিক্ষক তথা সৰ্থেবাৰীস্হ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুধন ডেকা আৰু শিক্ষক গৌতম বৈশ্য।উক্ত অনুষ্ঠানত চেঙা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিকুঞ্জ বৰ্মন ,খণ্ড সমল ব্যক্তি ক্ৰমে ড° প্ৰতুল ডেকা,হাচিবুদ্দিন আহমেদ,হৃষিকেশ কৌশিক ,মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ক্ৰমে হীৰক ডেকা,নয়নমণি চৌধুৰী আৰু মিনাক্ষী মহন্ত উপস্থিত থাকে। আজি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত বাচনি শিবিৰটোত চেঙা প্ৰাথমিক  শিক্ষাখণ্ডটোৰ অন্তৰ্গত প্ৰায় ২০  উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা