বৰপেটা আটছবাজী উদ্যোগলৈ ৰাজ্যৰ উদ্ভাৱনী আয়োগে আগবঢ়ালে আৱৰ্তন নিধি

**                                   *ছিতাৰ উপাধ্যক্ষ ৰমেন ডেকাই ক'লে, পুজিৰ সঠিক ব্যৱহাৰ হ'লে আৰু দিম*             


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ এপ্ৰিলঃ বৰপেটাৰ প্ৰসিদ্ধ পৰম্পৰাগত আটছবাজী উদ্যোগক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ তৰফৰ পৰা প্ৰথমবাৰলৈ ১৫ লাখ টকাৰ এক আৱৰ্তক নিধি আগবঢ়াইছে। আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই আজি বৰপেটালৈ আহি এই সংক্ৰান্তীয় ড্ৰাফ্টখন আনুষ্ঠানিকভাৱে জিলা উপায়ুক্ত আৰু বৰপেটা আটছবাজী শিল্প সমবায় সমিতিৰ  হাতত অৰ্পন কৰে। এই উপলক্ষে বৰপেটা অফিচাৰ্ছ ক্লাৱত আয়োজিত এখন সভাত দিয়া চমু ভাষণত তেওঁ কয় যে, বৰপেটাৰ থলুৱা আটছবাজী উদ্যোগৰ বাবে আমাৰ চৰকাৰে কিবা এটা কৰাৰ বাবে অতি আগ্ৰহী হৈ আছে। সেয়ে যোৱা বছৰ অক্টোবৰ মাহত বৰপেটালৈ আহি গণককুছীত স্থাপিত আটছবাজী উদ্যোগ পামলৈ গৈ এই শিল্পৰ সৈতে জড়িত লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিলোঁ। সেই সাক্ষাততে উদ্যোগী সকলে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে  বাহিৰৰ পৰা কেঁচা সামগ্ৰী যাতে একেলগে অধিক পৰিমাণত কম দামত ক্ৰয় কৰিব পাৰে তাৰ সুবিধাৰ্থে এই আৱৰ্তক নিধি আগবঢ়োৱা হৈছে। তেওঁ সমবায় সমিতিখনক এই পুজিৰে থলুৱা উদ্যোগী সকলক ধনৰ অংশ বিতৰণৰ পৰিবৰ্তে কেঁচা সামগ্ৰীহে কিছু ৰেহাই হাৰত বিক্ৰী কৰাৰ পৰামৰ্শ দিয়ে। এনেদৰে এই আৱৰ্তক নিধিৰ সঠিক ব্যৱহাৰ হ'লে আৰু ইয়াৰ দ্বাৰা আটছবাজী উদ্যোগী সকল লাভান্বিত হোৱা যেন দেখিলে ভৱিষ্যতে পুজিৰ পৰিমাণ বৃদ্ধি কৰা হ'ব বুলি তেওঁ সকলোকে আশ্বস্ত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে, এই পুজিক উভতাই দিব নলগীয়া চৰকাৰী এককালিন সাহায্য হিচাপে গণ্য নকৰিব। ডেকাই পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই আটছবাজীৰ অনলাইন বজাৰ এখন গঢ়ি তোলাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে দিয়া আদৰণি ভাষণত চৰকাৰ তথা আয়োগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে, বৰপেটা জিলাখনক পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো আটছবাজী উদ্যোগৰ বিকাশৰ বাবে লোৱা এনে পদক্ষেপে বিশেষ সহায় কৰিব । বৰপেটাৰ আটছবাজীৰ ৰাজ্যজুৰি এটা বিশেষ সুনাম আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰপেটাৰ আটছবাজীৰ বাবে বিশেষ প্ৰচাৰৰ আৱশ্যক নাই। মাত্ৰ সঠিক মাত্ৰাত উৎপাদন আৰু উন্নতৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে ইয়াৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায়। তদুপৰি তেওঁ এই উদ্যোগৰ সৈতে জড়িত সকলোকে সমবায় সমিতিখনৰ জড়িয়তে সাঙুৰি ল'বলৈ মুকলি আহ্বান জনায়।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই পৰিচালনা কৰা সভাখনত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, ছিতাৰ বিত্তীয় আৰু হিচাপ পৰীক্ষাৰ উপদেষ্টা গুণ গোবিন্দ দাস আৰু সমাজকৰ্মী হেমন্ত দেউৰীও উপস্থিত থাকে। বৰপেটা আটছবাজী শিল্প সমবায় সমিতিৰ সভাপতি গোপজিৎ পাঠকে ৰাজ্য চৰকাৰ তথা আয়োগৰ এনে পদক্ষেপৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, আটছবাজী উদ্যোগলৈ বেংকে ঋণ প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত এনে অৰ্থ সাহায্য যথেষ্ট সহায়ক পৰিগণিত হ'ব। উল্লেখযোগ্য যে, ইতিপূৰ্বে বৰপেটাৰ থলুৱা আটছবাজী উদ্যোগী সকলৰ বাবে ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্যত গণককুছীত এখন উদ্যোগিক পাম স্থাপন কৰা হৈছে য'ত তেওঁলোকক বিনামূলীয়াকৈ কাম কৰাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জেষ্ঠ্য পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা