মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা

গোৱালপাৰাৰ ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধী ব্যৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়েঃউপায়ুক্ত বৰ্ণালী ডেকাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০,৮০,৫৭৯ টকা

-------------


লক ডাউন অব্যাহত থকাৰ মাজতে আজি গোৱালপাৰা জিলাত উপস্থিত হয়

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে আজি গোৱালপাৰাত উপস্থিত হৈ  ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধ আৰু লক ডাউনৰ সময়ছোৱাত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ বুজ লয় ৷ গোৱালপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পোণতে গোৱালপাৰা মহাবিদ্যালয়ত জিলা প্ৰশাসনে সাজু কৰি ৰখা কোৱাৰাইন্টেন চেন্টাৰটো পৰিদৰ্শন কৰে ৷ 

মুখ্যমন্ত্ৰীয়ে কোৱাৰেন্টাইন চেন্টাৰত

উপলব্ধ কৰোৱা সা-সুবিধা খিনি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ, পশুপালন বিভাগ, পৰিবহণ বিভাগ আৰু শক্তি বিভাগৰ বিষয়া সকলৰ লগত এখন সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাত ক’ভিড ১৯ মহামাৰীৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ খতিয়ান আৰু লক ডাউনৰ এই সময়ছোৱাত জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰ বিষয়ে খতিয়ান দাঙি ধৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ জিলা প্ৰশাসনৰ পদক্ষেপ সমূহত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে অনাগত দিন সমূহতো জনসাধাৰণৰ মাজত সামাজিক দূৰত্ব অব্যাহত থকা অৱস্থাত ৰাইজৰ যাতে কোনো ধৰণৰ কষ্ট নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ উল্লেখ যোগ্য  আজি গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই নিজৰ এমাহৰ দৰমহাসহ আন বিষয়া, ব্যক্তি আৰু সংগঠনে দান কৰা মুঠ ১০ ,৮০, ৫৭৯ টকা চেক যোগে মুখ্যমন্ত্ৰীৰ হাতত "মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি"লৈ অনুদান হিচাপে আগবঢ়ায় ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু