নলবাৰীৰ নন্দগাঁও-অময়াপুৰ ৰাজ্যিক পশু চিকিৎসালয় ভাঙি পৰিল

*নলবাৰীৰ নন্দগাঁও-অময়াপুৰ ৰাজ্যিক পশু চিকিৎসালয় ভাঙি পৰিল* 
*দুৱাৰ- খিৰিকিবিহীন গৃহ নিৰ্মাণৰ দাবী চৰকাৰক*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২১ এপ্ৰিল*



ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা বিভাগীয় মন্ত্ৰী অতুল বৰা, পশু পালন বিভাগত ব্যাপক উন্নয়নৰ ৰৌজাল বৌজাল কৰি থকাৰ সময়তে নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত
নন্দগাঁও-অময়াপুৰ ৰাজ্যিক পশু চিকিৎসালয় খনৰ দেওবাৰে নিশা সন্মুখ ভাগ ভাঙি পৰা কাৰ্যই চৰকাৰৰ উন্নয়নৰ নগ্ন দিশটোকে উদঙাই দিয়া বুলি ৰাইজে ক্ষোভ উজাৰে । ১৯৮৫ চনত পূৰ্বৰ অগপ চৰকাৰৰ পশুপালন মন্ত্ৰী প্ৰয়াত নগেন শৰ্মাৰ কাৰ্যকালত নন্দগাঁও-অময়াপুৰ ৰাজ্যিক পশু চিকিৎসালয়খন স্থাপন কৰা হৈছিল । বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ পশু চিকিৎসালয়খন সম্প্ৰতি জহি-খহি গৈ বিধ্বস্ত হৈ পৰাৰ লগতে দেওবাৰে নিশা গৰিষ্ঠ সংখ্যক ভাঙি পৰে । আওপুৰণি পয়ালগা গৃহতে দীৰ্ঘদিনে চিকিৎসক, কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আহিছে । ঔষধ সংৰক্ষণ কৰিবলৈ নাই কোনো ব্যৱস্থা, পৰীক্ষা কৰিবলৈ নাই কোনো পৰীক্ষাগাৰ । দুখন কাঠৰ চকী-মেজ, এটা আলমাৰিৰ বাহিৰে চিকিৎসালয়খনত নাই কোনো উপযুক্ত প্ৰযুক্তি আজিৰ সময়তো । বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাত কিমান দিনলৈ চিকিৎসা সেৱা চলি থাকিব চিন্তনীয় হৈ পৰিছে।বিগত এটা দশকতকৈও অধিক সময় ভগ্নপ্ৰায় চিকিৎসালয় গৃহতে নামমাত্ৰ পশু চিকিৎসা চলি আছে । স্থানীয় ক্ষোভিত ৰাইজে সাংবাদিকৰ আগত কয় যে  নলবাৰী সমষ্টিৰ বাহঁজানীৰ এই পশু চিকিৎসালয়খনৰ ক্ষেত্ৰত বিগত বিকশিত অসমৰ শ্লোগান দিয়া তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ কিম্বা বতৰ্মানৰ উন্নয়নৰ জয় ঢোল বজোৱা বিজেপি, অগপ, বি পি এফ সৰ্বানন্দ সোনোৱাল চৰকাৰেও নিৰ্মাণৰ কোনো ব্যৱস্থাই নল'লে । স্মৰ্তব্য যে পূৱ বাহঁজানী অঞ্চলটোত পশুধনেই জীৱিকাৰ সম্বল হিচাপে চিহ্নিত হৈছে য'ত গ্ৰাম্যাঞ্চলৰ নিবনুৱা পৰোক্ষভাৱে সংস্থাপনৰ যথেষ্ট পৰিমাণে থল আছে। তদুপৰি চিকিৎসালয়খন বৰ্তমানে বন-জংঘলেৰে আবৰি ধৰাত ৰাতিটো বাদেই দিনতে সাপ-বেঙৰ খেলা চলে । ইফালে এচাম পথভ্ৰষ্ট লোকে গৃহটোত সন্ধিয়া হ'লে অসামাজিক কাম-কাজ চলোৱাৰো অভিযোগ আছে । চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও ৰাইজে আজিলৈ নাপালে সুফল যাৰ বাবে ৰাইজ আজি চৰকাৰ, স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে  ক্ষোভিত হৈ পৰিছে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলি চৰ্চা হৈছে । বছৰ বছৰ ধৰি ভূত বাংলা সদৃশ চিকিৎসালয়খন শীঘ্ৰে পুনৰ নিৰ্মাণৰ দিহা কৰিবলৈ ক্ষোভিত ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা