আজিৰে পৰা বৰপেটা জিলাৰ ১৩ স্থানৰ পৰা ৭২ বাছেৰে ঘৰলৈ উভতিব ১১৩৯ যাত্ৰী

কঞ্জল দাস, বৰপেটা, ২৫ এপ্ৰিল: ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোক সকলক ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ জৰিয়তে নিজ নিজ ঠাইলৈ উভতি যোৱাৰ বাবে প্ৰদান কৰা সুবিধা বৰপেটা জিলাত থকা লোক সকলকো যথা ৰীতি প্ৰদানৰ বাবে জিলা প্ৰশাসনে বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি কাইলৈৰ পৰা অহা তিনিদিনলৈ ৭২ খন বাছেৰে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ১১৩৯ জন লোকক নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বৰপেটা জিলাৰ আলোপতি চৰক বাদ দি  আটাইকেইখন থানা অৰ্থাৎ বৰপেটা, বৰপেটা ৰোড, সৰভোগ, সৰ্থেবাৰী, পাটাছাৰকুছী, হাউলী, বাঘবৰ, কচুমাৰা, তাৰাবাৰী আৰু কলগাছিয়া থানাৰ উপৰি পাঠশালা আৰু ভবানীপুৰ আৰক্ষী চকী সহ মুঠ ১৩ টা স্থান নিৰ্ধাৰণ কৰা হৈছে। আলোপতি চৰ অঞ্চলৰ লোক সকলক কামৰূপ জিলাৰ নগৰবেৰা থানাত নিৰ্ধাৰিত সময়ত উপস্থিত হবলৈ কোৱা হৈছে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী, পৰিবহন বিভাগ, ৰাজ্যিক পৰিবহন নিগম,  স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত এই কাৰ্য-আচনিত চূড়ান্ত ৰূপ দিয়া হয়।  তেওঁলোকৰ বাবে থানা সমূহত হাত ধোৱাৰ উপায়ুক্ত সুবিধা ৰখাৰ উপৰি, হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ ব্যৱস্থাও কৰা হব। তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে পৰ্যাপ্ত খোৱা পানীৰো ব্যৱস্থা কৰা হব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তদুপৰি প্ৰতিজন যাত্ৰীৰে চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হব। তাৰ বাবে ৩৯ টা মেডিকেল টীম সাজু কৰা হৈছে। আন জিলাৰ পৰা বৰপেটালৈ আহিব লগীয়া যাত্ৰী সকলকো নিজ নিজ ঠিকনা অনুসৰি উক্ত থানা সমূহত নমোৱা হব আৰু তেওঁলোকৰো অনুৰূপ ধৰণে স্বাস্থ্য পৰীক্ষা কৰোৱা হব। বাছ সমূহৰ ভিতৰতো শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বাবে আসন ক্ষমতাতকৈ আধা সংখ্যক যাত্ৰীকহে নিয়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ আগবঢ়োৱা সুবিধা অনুসৰি এই সকল লোকে ১০৪ নম্বৰত ফোন কৰি পঞ্জীয়ন কৰিছিল। ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ সংখ্যা সীমিত হোৱা হেতুকে সকলোকে এই সুবিধা প্ৰদান কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দি জনসংযোগ বিষয়া গৰাকীয়ে কয় যে পৰবৰ্তী পৰ্যায়ত পুনৰ অনুৰূপ সুবিধা প্ৰদান কৰাৰ কথা ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে। ইফালে অহা তিনি দিনত বহু সংখ্যক লোকে নিজাববীয়া ব্যৱস্থাৰেও গাড়ীলৈ যোৱাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনলাইন আবেদন দাখিল কৰিছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি কেবল যোৱা বা অহাৰ একক পথৰ বাবেহে এনে আবেদনৰ ভিত্তিত অনুমতি প্ৰদান কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা