জামুগুৰিহাটত চিকিৎসক,আৰক্ষী,সাংবাদিকক ৰক্তদাতাৰ মাস্ক,চেনিটাইজাৰ প্ৰদান

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৮ এপ্ৰিল : তেজপুৰস্থিত অগ্ৰণী বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণ ৰক্তদাতা আৰু অনলাইন প্ৰতিস্থান নেক্সট দোকানৰ উদ্যোগত আজি জামুগুৰিহাটত জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী,সাংবাদিকৰ লগতে বেংক কৰ্মচাৰী আৰু কিছুসংখ্যক সাধাৰণ লোকৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়৷বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰপৰা ৰক্ষা পাবৰ বাবে আজি জামুগুৰিহাটত বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণটোৱে এই সামগ্ৰীসমুহ প্ৰদান কৰে৷বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণটোৰ সম্পাদক পৱন কুমাৰ নাথৰ নেতৃত্বত অহা সংগঠণটোৰ সদস্যসকলে জামুগুৰিহাটৰ কুসুমটোলাৰ নিলগৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সীমা দিকৰাই দলংৰ কাষতে কৰ’না ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া তথা  কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক,চিকিৎসা কৰ্মী,আৰক্ষী আৰু সাংবাদিকসকলক গামোছা পিন্ধাই উৎসাহিত কৰাৰ লগতে মাস্ক আৰু চেনিটাইজৰ প্ৰদান কৰে৷ইয়াৰ পিছতেই ৰক্তদাতাৰ সদস্যসকলে চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীসকল আৰু চতিয়া গ্ৰামীণ বিকাশ বেংকত শাৰী পাতি থকা গ্ৰাহক আৰু বেংক কৰ্মচাৰীসকলক এই সামগ্ৰীসমুহ প্ৰদান কৰে৷পৰৱৰ্তী পৰ্য্যায়ত বে-চৰকাৰী সংগঠণটোৰ সদস্যসকলে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলত থকা কিছুসংখ্যক সাধাৰণ ৰাইজৰ মাজত মাস্ক আৰু চেনিটাইজৰ প্ৰদান কৰাৰ লগতে জামুগুৰি কেন্দ্ৰস্থলত থকা ভাৰতীয় ষ্টেট বেংক,অসম গ্ৰামীণ বিকাশ বেংক আৰু ইউকো বেংকৰ বিষয়া কৰ্মচাৰীসকলৰ মাজতো দেশৰ জটিল পৰিস্থিতিৰ সময়ত অতিকৈ প্ৰয়োজনীয় এই সামগ্ৰী কেইপদ বিতৰণ কৰে৷মনকৰিবলগীয়া যে তেজপুৰস্হিত কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্চ অঞ্জলী প্ৰধানে তেঁওৰ দুমাহৰ মাহিলী দৰমহাৰ ধন ৰক্তদাতাৰ জৰিয়তে এই সামগ্ৰী সমুহ ক্ৰয় কৰি জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলৰ লগতে সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰিবৰ বাবে আগবঢ়াই৷উল্লেখ্য যে বে-চৰকাৰী সংগঠণ ৰক্তদাতাই ইয়াৰ পূৰ্ৱেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দূৰ্য্যোগৰ সময়ত আৰ্তজনৰ ওচৰত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে তেজৰ অসুবিধাত পৰা ৰোগীক বিপদৰ সময়ত তেজৰ যোগান ধৰি উপকৃত কৰি আহিছে৷আজিৰ এই সামগ্ৰী বিতৰণ কাৰ্য্যসুচীত অনলাইন সেৱাৰ প্ৰতিষ্ঠানৰ লগত জড়িত ৰূপক দাসো উপস্থিত আছিল৷জোন বৰা ,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা