মাজুলীত ল'ক ডাউন প্ৰভাৱিত কৃষি-সহযোগী খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰী অতুল বৰাৰ

মাজুলীত ল'ক ডাউন প্ৰভাৱিত কৃষি-সহযোগী খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰী অতুল বৰাৰ, গাহৰিৰ মৃত্যুক লৈ আলোচনা, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱে কৰা ষ্ট্ৰ'বেৰীৰ খেতি পৰিদৰ্শন:

পৰাণজ্যোতি বৰা,মাজুলী, ৩০ এপ্ৰিল:  

ক'ভিড-১৯ৰ বাবে বলৱৎ হৈ থকা দেশজোৰা ল'ক ডাউনৰ বাবে প্ৰভাৱিত হোৱা ৰাজ্যৰ কৃষি খণ্ডক পুণৰুজ্জীৱিত কৰিবলৈ প্ৰয়োজনীয় সকলো জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে কৃষি বিভাগে। কৃষি আৰু সংলগ্ন খণ্ডৰ বাবে ল'ক ডাউনৰ নিয়মাৱলী শিথিল কৰাৰ পাছত মাজুলী জিলাত কৃষিখণ্ড আৰু পশুপালন সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ আজি নদীদ্বীপ জিলাখনলৈ আহি ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই স্থানীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে। মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ছুৱাইন ফিভাৰ জাতীয় ৰোগত যথেষ্ট সংখ্যক গাহৰিৰ মৃত্যু ঘটাৰ বিষয়টোও ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই ৰোগ প্ৰতিৰোধৰ বাবে বিভাগীয় পশুচিকিৎসক তথা বিশেষজ্ঞসকলে ক্ষেত্ৰভিত্তিক পৰীক্ষণেৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে। বৃহস্পতি বাৰে দুপৰীয়া নিমাতীঘাট হৈ ফেৰীৰে মাজুলীত আহি উপস্থিত হোৱা কৃষি আৰু পশুপালন মন্ত্ৰী বৰাই মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ  সভাকক্ষত জিলা প্ৰশাসনৰ লগতে জিলাখনৰ কৃষি আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ মাজুলীৰ কৃষি তথা সংলগ্ন খণ্ডৰে জৰিত বিভিন্ন দিশ পৰ্যালোচনা কৰে। মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ততদ্বয় নৰেণ দাস, উৎপল দলে আৰু মাজুলীৰ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাৰ উপৰি জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া ডাঃ দণ্ডধৰ বৰ্মন আৰু মহকুমা কৃষি বিষয়া ঈৰ্শ্বাদ আলীসহ দুয়োটা বিভাগৰ আন বিষয়াসকল উপস্থিত থকা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে মাজুলীতো শেহতীয়াকৈ উদ্ভৱ হোৱা  গাহৰিৰ মৃত্যুৰ বিষয়টো বিশেষভাৱে পৰ্যালোচনা কৰে। গুৱাহাটীৰ পৰা দুগৰাকী পশুচিকিৎসা বিশেষজ্ঞকো লগত লৈ যোৱা মন্ত্ৰী বৰাই বৈঠকত জিলা পশুপালন তথা পশুচিকিৎসা বিভাগক ক্লাছিকেল ছুৱাইন ফিভাৰ সদৃশ ৰোগৰ প্ৰাদূৰ্ভাৱ বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিহে। গুৱাহাটীৰ পৰা বিশেষজ্ঞ পশুচিকিৎ দুগৰাকীয়ে মাজুলীৰ বিভিন্ন স্থানলৈ গৈ মৃত গাহৰিৰ শৰীৰৰ নমুনা পৰীক্ষাৰ বাবে গ্ৰহণৰ লগতে গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰক অধ্যয়ন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ মৃত গাহৰি নদী, বিল-পুখুৰী বা মুকলি স্থানত পেলাই নিদি ছফুট দ গাত খান্দি পুতি পেলাবলৈ গাঁৱে গাঁৱে ৰাইজৰ মাজত প্ৰচাৰ চলাবলৈ বিভাগটোক নিৰ্দেশ দিয়ে। ইফালে, মাজুলী জিলাত ল'ক ডাউনৰ নিয়মাৱলীৰ শিথিলতাৰ পাছত পথাৰত কৃষি কাৰ্য আৰম্ভ কৰিবলৈ জিলা কৃষি বিভাগে লোৱা ব্যৱস্থাৱলীৰো বৈঠকত বিতং খতিয়ান লয়। কৃষকৰ মাজত বীজ বিতৰণৰ লগতে উন্নত কৃষি-প্ৰযুক্তি আধাৰিত কৃষিকৰ্মৰ কৌশল সন্দৰ্ভত প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াবলৈ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী বৰাই। ল'ক ডাউনৰ বাবে প্ৰভাৱিত হোৱা ৰাজ্যৰ কৃষিখণ্ডক পুণৰুজ্জীৱিত কৰিবলৈ প্ৰয়োজনী ভৱিষ্যত কাৰ্যপন্থা যুগুতোৱাত কৃষি বিভাগ ব্যস্ত হৈ থকা বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত মাজুলীতো বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক জিলা প্ৰশাসনৰ সহায় লৈ কৃষকলৈ সৰ্বাত্মক সহযোগিতা আগবঢ়াবলৈ দিহা দিয়ে। বৈঠকত মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী কিষাণ যোজনা আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত মাজুলী জিলাৰ কৃষকসকলৰ বেংক এটাউণ্টলৈ শেহতীয়াকৈ প্ৰখয় ৭ কোটি টকাৰ আৰ্থিক সাহাৰ্য হস্তান্তৰ কৰা বুলি প্ৰকাশ কৰে। আনহাতে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ততে দহটাকৈ আত্মসহায়ক গোট গঠন কৰি পশুপালন, দুগ্ধ উৎপাদন আদি উৎপাদনমূলক কামত নিয়োজিত কৰাবলৈ বিভাগটোৱে আঁচনি লোৱা বুলি বৈঠকত সদৰি কৰে। ইফালে, কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে বিকল্প পন্থা নাই বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী গৰাকীয়ে কয় যে, মাজুলী জিলাত কৃষি আৰু অন্যান্য সহযোগী খণ্ড, যেনে উদ্যান শস্য, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ কাম-কাজ চলোৱাৰ সময়ত বিভাগসমূহৰ লগতে কৃষক ৰাইজেও সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰিব লাগিব। কৃষি ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বাহনৰ ইন্ধন যোগান, বীজ বিতৰণ, কৃষি সামগ্রী বিতৰণ আৰু সৰবৰাহ আদি বিভিন্ন বিষয় সভাত আলোচনা কৰা হয়। এই পৰ্যালোচনা বৈঠকৰ পূৰ্বে কৃষি আৰু পশুপালন মন্ত্ৰী বৰাই উত্তৰ কমলাবাৰী সত্ৰত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উদ্গণিৰে সত্ৰৰ বৈষ্ণৱ সকলে কৃষি বিভাগৰ সহযোগত কৰা ষ্ট্ৰ'বেৰীৰ খেতি পৰিদৰ্শ কৰে। জিলাৰ উপায়ুক্ত কৈৰী আৰু সত্ৰাধিকাৰগৰাকীৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এই ষ্ট্ৰ'বেৰী খেতি পৰিদৰ্শন কৰাৰ সময়ত বৈষ্ণৱ সকলৰেও মতবিনিময় কৰি তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

পৰাণজ্যোতি বৰা, মাজুলী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা