জামুগুৰিহাটত মৃত গড়ঁ উদ্ধাৰ

# জামুগুৰিহাটত মৃত গড়ঁ উদ্ধাৰ
 
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট, ২৪ এপ্ৰিল:-  জামুগুৰিহাট দক্ষিণ প্ৰান্তত আজি এটা মৃত গঁড় উদ্ধাৰ  কৰা হয় ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত অন্তৰ্গত পানপুৰ বনাঞ্চলত বনবিভাগৰ তহলদাৰী দলে উদ্ধাৰ কৰা মৃত গড়ঁটোৰ বয়স আনুমানিক ৩৫ বছৰ বুলি বনবিভাগে জানিবলৈ দিছে । পুৱা ষষ্ঠ সংযোজনৰ ভিতৰত তহল দি থকা বনবিভাগৰ বনকৰ্মীয়ে পানপুৰ  বনশিবিৰৰ নাতিদুৰত্বত পৰি থকা  মৃত গড়টো প্ৰত্যক্ষ কৰি বনবিভাগৰ উচ্চ পদস্হ বিষয়াক অৱগত কৰায়।পিছত ঘটনাস্হলীত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল বিষয়া মুকুট চন্দ্ৰ দাসকে  ধৰি বনবিভাগৰ উচ্চ পদস্হ বিষয়া সকল উপস্থিত হয় আৰু সেই স্থানতে পশু চিকিৎসকৰ হতুৱাই মৃত গড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। বনবিভাগে  গড়ঁটোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি জানিবলৈ দিয়ে । জোন বৰা, জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা