বঙাইগাঁৱত কৃষিমন্ত্ৰী অতুল বৰা

বঙাইগাঁৱত কৃষিমন্ত্ৰী অতুল বৰা

লকডাউনৰ সময়চোৱাত বিভাগীয় কাম-কাজৰ লগতে কৃষি বিভাগৰ ক্ষয়- ক্ষতি সন্দৰ্ভত পৰ্যালোচনা

বঙাইগাঁওঃ ২২ এপ্ৰিলঃ  ন'ভেল কোৰোণা ভাইৰাছ( কভিড-১৯) মহামাৰীৰ ফলত সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ ফলত ভাৰতবৰ্ষৰ লগতে অসম অৰ্থনৈতিক দিশত ক্ষতিগ্ৰস্ত হৈছে ৷ কৃৃৃষি খণ্ডও হৈছে ক্ষতিগ্ৰস্ত ৷ এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ কষিমন্ত্ৰী অতুল বৰাই জিলাই জিলাই উপস্থিত হৈ বুজ লৈছে কৃষি খণ্ডত হোৱা ক্ষয় - ক্ষতিৰ ৷ বুধবাৰে লকডাউন কাৰ্যসূচীৰ সময়ছোৱাত বঙাইগাঁও জিলাখনত কৃষি বিভাগৰ অৰ্থনৈতিক দিশত হোৱা ক্ষয় - ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিয়লিৰ ভাগত ৰাজ্য চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰীগৰাকী বঙাইগাঁৱত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকী বঙাইগাঁঁৱত উপস্থিত হোৱাৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া সকলকলৈ এখন পৰ্যালোচনা সভাত মিলিত হয় । এই সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই লকডাউন কাৰ্যসূচীৰ সময়ছোৱাত সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতিবেদনসমূহ মন্ত্ৰীগৰাকীৰ ওচৰত উপস্থাপন কৰে । লগতে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ ৰপ্তানী কৰা শাক -পাচলি , ফল- মূল আদিৰ প্ৰতিবেদনো উপস্থাপন কৰে । উল্লেখ্য যে ২০ এপ্ৰিললৈ বঙাইগাও জিলাৰ কৃষকসকলে কৃষিজাত সামগ্ৰী বিক্ৰীৰ জৰিয়তে ১, ০৬,৪২,৮০০ টকা উপাৰ্জন কৰে।  জিলা পশু পালন বিভাগৰ  বিষয়াই দিয়া প্ৰতিবেদন অনুসৰি  জিলাখনত এতিয়ালৈ ৫,৫৩২ কিলো স্থায়ী আৰু ব্ৰইলাৰ মু্ৰ্গী ঘৰে ঘৰে গৈ বিক্ৰী কৰা হৈছে। সকলো প্ৰতিবেদন জ্ঞাত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এইবাৰ ৰাজ্যখনে বিগত বছৰৰ তুলনাত ৰবি শস্য অভিলেখ পৰিমাণত উৎপাদন কৰিবলৈ সক্ষম হৈছিল যদিও লকডাউনৰ ফলত এখন জিলাৰ পাচলি আন এখন জিলালৈ নিব নোৱাৰা পৰিস্থিতিৰ লগতে পাচলি সৰবৰাহত দেখা দিয়া কিছু স্থানীয় সমস্যাৰ বাবে পাচলি খেতিয়কসকল লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ৷ লগতে মন্ত্ৰী বৰাই কয় যে ৰাজ্যৰ আন আন জিলাসমূহৰ তুলনাত  বঙাইগাঁও জিলাত ক্ষয় -ক্ষতিৰ পৰিমাণ বহুত কম ৷ এইক্ষেত্ৰত বঙাইগাও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ ভূমিকা প্ৰসংশনীয় বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ এই পৰ্যালোচনা বৈঠকত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী  ফণীভূষণ চৌধুৰী , জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে জিলাখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত থাকে। ইপিনে পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰী অতুল বৰাই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত মন্ত্ৰী বৰাই কয় যে লকডাউনৰ সময়ত কৃষি ,পশুপালন আদি বিভাগ কেইটাই কাম- কাজবোৰ কেনেদৰে কৰিছে, ভৱিষ্যতৰ পৰিকল্পনা কি আৰু এই কাম- কাজখিনি কৰোতে কিবা অসুবিধা পাইছে নেকি এই গোটেই কথাখিনি আজি পৰ্যালোচনা কৰা হয় ৷ ইতিমধ্যে ভাৰত চৰকাৰে কৃষি কাৰ্যৰ ক্ষেত্ৰত যথেষ্টখিনি ৰেহাই দিছে ৷ যোৱা সময়চোৱাত বিভিন্ন জিলাত যথেষ্ট ক্ষয় ক্ষতি হৈছে যদিও লকডাউনৰ মাজতো বঙাইগাঁও জিলাৰ কৃষকসকলে শাক- পাচলি আৰু ফল- মূলৰ পৰা ১ কোটি টকা লাভ কৰা বুলি জানিব পাৰিছো ৷ এইটো এটা ভাল খবৰ ৷ অন্যান্য কিছুমান জিলাৰ দৰে বঙাইগাঁও জিলাৰ কৃষকসকলৰ লোকচান বিশেষ হোৱা নাই ৷ ইয়াত তৰমুজ ,মাকৈ ,জলকীয়াৰ উৎপাদন যথেষ্ট হয় ৷ উৎপাদিত শাক- পাচলিৰ ক্ষেত্ৰত বিভিন্ন জিলাতো কিছু ইফাল- সিফাল হৈছে আৰু বঙাইগাঁও জিলাতো হ'ব পাৰে ৷ কিন্তু বাকী বিশেষ ক্ষয়- ক্ষতি হোৱা নাই ৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কিছুদিন পিছতে যিহেতু কৃষকসকল খেতি পথাৰলৈ ওলাব লাগিব,সেয়ে টেক্টৰৰ বাবে সিসকলে আবেদন কৰিছিলে আৰু হিতাধিকাৰী নিৰ্বাচিত হৈছিল সেইসকলক অতি শীঘ্ৰে ট্ৰেক্টৰ ,পাৱাৰ টিলাৰ ,এচ টি ডব্লিউ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও কয় ৷ ইপিনে কৃষি বিভাগে আহি থকা প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ কিছুমান হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত জিলাসমূহৰ কি দিহা- পৰামৰ্শ আছে আৰু প্ৰয়োজন আছে সেই বিষয়েও বুজ লৈছো ৷ তেওঁ জিলা উপায়ুক্তগৰাকীয়ে কাম- কাজবোৰ ভালকৈ আগুৱাই নিয়া বুলি উল্লেখ কৰি লগতে কয় যে অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী ফণীভূষণ চৌধুৰীও আছেই ৷ গতিকে সেয়ে আমি ভাবিছো যে ইয়াত আৰুবিশেষ চিন্তা কৰিবলগীয়া নাই ৷ তাৰোপৰি পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসনে কোভিড- ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়া বুলিও কয় ৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইতিমধ্যে জানিব পাৰিছো যে লকডাউনৰ সময়তে পি এম কিষাণৰ পৰা কৃষকসকলক ৩৬০ কোটি টকা দিয়া হৈছে আৰু সেই ধন তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাইছে ৷ সেইদৰে  মুখ্যমন্ত্ৰী কৃষি সা- সঁজুলি যোজনাৰ অধিনত ১৫০ কোটি টকা ইতিমধ্যে বিত্ত বিভাগে মুকলি কৰি দিছে আৰু কৃষকসকলে পাইছে ৷ ইপিনে যিসকল কৃষকে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকচানৰ সন্মুখীন হ'ল সেইসকল কৃষকক ভৱিষ্যতে কি দৰে সহায় কৰিব পাৰে তাৰ বাবেও কৃষি বিভাগে পৰিকল্পনা কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষয়- ক্ষতিৰ সঠিক তথ্য সংগ্ৰহ কৰিবলৈকো কোৱা বুলি কয় ৷ লগতে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক আহি থকা দিনবোৰত কিদৰে সকাহ দিব পৰা যায় তাৰ বিৱেচনা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা বুলি কয় মন্ত্ৰী বৰাই ৷ কৃষিমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে চিৰাং জিলাত উপস্থিত হয় আৰু জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লয় ৷ মন্ত্ৰীগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংগ দিয়ে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা