ল'ক ডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ প্ৰয়াস প্ৰশাসনৰ

ল'ক ডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ প্ৰয়াস প্ৰশাসনৰ, জনধন যোজনাৰ গ্ৰাহক হিতাধিকাৰীলৈ চৰকাৰী আঁচনিৰ নগদ ধন বিতৰণ বেংকৰ:
  
পৰাণজ্যোতি বৰা,মাজুলী, ২১ এপ্ৰিল : 

দেশজোৰা ল'ক ডাউনৰ সময়ছোৱাত মাজুলীৰ দুখীয়া পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ জনধন একাউণ্টৰ জৰিয়তে আগবঢ়োৱা বিভিন্ন আঁচনিৰ অধীনৰ সাহাৰ্যৰাশি এনে হিতাধিকাৰী পৰিয়ালসমূহে ল'ক ডাউনৰ সময়ছোৱাত জৰুৰী প্ৰয়োজনীয়তা পূৰাবলৈ ব্যৱহাৰ কৰিব পৰাকৈ তেওঁলোকৰ হাতত নগদ ধন হিচাপে প্ৰদানৰ বাবে প্ৰশাসনৰ নিৰ্দেশত জিলাখনৰ বেংকসমূহে ব্যৱস্থা লৈছে। জিলা প্ৰশাসনৰ নিয়মীয়া নিৰীক্ষণত মাজুলীৰ চাৰিটা বেংকৰ দহটা শাখাই ৩৬টা 'কাষ্ট'মাৰ ছাৰ্ভিচ প'ইণ্ট' (চিএছপি)ৰ জৰিয়তে এই দুখীয়া হিতাধিকাৰীসকলৰ মাজত ঘৰে ঘৰে গৈ চৰকাৰী আঁচনিৰ সাহাৰ্যৰ নগদ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যোৱা ১৩ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ জিলাখনৰ ১০,৬০১গৰাকী জনধন যোজনাৰ গ্ৰাহক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা (পিএমজিকেৱাই), প্ৰধানমন্ত্ৰী উজ্বালা যোজনা (পিএমইউৱাই), প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা (পিএমকিষাণ) আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা (চিএমকেএছএছৱাই)ৰ অধীনৰ সাহাৰ্যৰ নগদ ধন আগবঢ়াইছে বেংক আৰু চিএছপিসমূহে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত বেংক একাউণ্ট থকা দুখীয়া পৰিয়ালৰ হিতাধিকাৰীসকলৰ ভিতৰৰে পিএমজিকেৱাই হিতাধিকাৰী প্ৰতিগৰাকী মহিলালৈ ৫০০ টকাকৈ, পিএমইউৱাই হিতাধিকাৰী মহিলালৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজসাহাৰ্যৰ ধন ৭৬৪ টকাকৈ তেওঁলোকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনলাইন ব্যৱস্থাৰে প্ৰদান কৰিছে। একেদৰে, পিএম কিষাণ সন্মান যোজনাৰ হিতাধিকাৰীসকললৈ কেন্দ্ৰীয় চৰকাৰে গাইপতি ২০০০ টকাকৈ আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ হিতাধিকাৰীলৈ অসম চৰকাৰেও গাইপতি ২৫০০ টকাকৈ তেওঁলোকৰ জনধন একাউণ্টত শেহতীয়াকৈ অনলাইন ট্ৰান্সফাৰ কৰিছে। চৰকাৰে ল'ক ডাউনৰ সময়ত উপাৰ্জনহীন হৈ পৰা এই দুখীয়া পৰিয়ালসমূহে কিছু সকাহ পাব পৰাকৈ জৰুৰী ভাৱে এই আঁচনিকেইখনৰ ধন ভাগে ভাগে জনধন একাউণ্টত ভৰাই দিয়াৰ ব্যৱস্থা কৰাৰ পাছত চৰকাৰৰ নিৰ্দেশত মাজুলী জিলা প্ৰশাসনে বেংকসমূহৰ জৰিয়তে এই চৰকাৰী সাহাৰ্যৰাশি নগদ ধন হিচাপে জিলাখনৰ দুখীয়া হিতাধিকাৰী সকলে ঘৰে ঘৰে অথবা নিজ এলেকাতে লাভ কৰাৰ ব্যৱস্থা কৰে। মাজুলীত সেৱা আগবঢ়োৱা পঞ্জাৱ নেছনেল বেংক (অধুনালুপ্ত ইউবিআই), ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংক আৰু ইউকো বেংকৰ অধীনৰ চিএছপিসমূহে দূখীয়া হিতাধিকাৰীলৈ চৰকাৰী সখহাৰৃযৰাশি নগদ ধন হিচাপে আগবঢ়োৱাৰ সমগ্ৰ ব্যৱস্থাটো মাজুলীৰ জিলা প্ৰমুখ বেংক প্ৰৱন্ধক সজীৱ কুমাৰ বৰাই তত্বাৱধান কৰিছে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা