কামৰূপ জিলাৰ শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা টেলিফোন যোগে কাউন্সেলিঙৰ ব্যৱস্থা

কামৰূপ জিলাৰ শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা টেলিফোন যোগে কাউন্সেলিঙৰ ব্যৱস্থা। 

পঙ্কজ নাথ, চাংসাৰি, ২২ এপ্ৰিল :

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতত চলি থকা লকডাউন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ  শিশু সকল যাতে সুৰক্ষাৰ অভাৱ অনুভৱ নকৰে বা সুৰক্ষা জনিত সমস্যাত নুভুগে তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা মহিলা আৰু শিশু সুৰক্ষা মন্ত্ৰণালয়ৰ ২৪ ×৭ বিনামূলীয়া হেল্পলাইন নম্বৰ (চাইল্ড লাইন) ১০৯৮ নম্বৰত যোগাযোগ কৰিবলৈ শিশু সকল তথা সচেতন ব্যক্তি সকলক আহ্বান জনাইছে। উল্লেখ্য যে জিলা খনত থকা শিশুগৃহ তথা পৰ্যবেক্ষণ গৃহত থকা শিশু সকলক গোটৰ কাউন্সেলিঙৰ উপৰিও গোটৰ বিষয়া সকলেও ফোনযোগে নিয়মিতভাৱে কাউন্সেলিঙৰ ব্যৱস্থা কৰি আছে। তদুপৰি এই শিশু গৃহ তথা পৰ্যবেক্ষণ গৃহৰ নিৰীক্ষণ তথা ইয়াৰ শিশু সকল আৰু কৰ্মচাৰী সকলৰ মাজত কভিড ১৯ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবেও শিশু সুৰক্ষা গোটে নিয়মিত ভাৱে ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে সজাগতা মূলক ব্যৱস্থা কৰি আছে।
লকডাউন কাৰ্য্যকৰী কৰি কভিড ১৯ ক প্ৰতিহত কৰাত সহযোগ কৰিবলৈ শিশু কল্যাণ সমিতি (চাইল্ড ৱেলফেয়াৰ কমিটি) আৰু কিশোৰ ন্যায় মণ্ডলিৰ(জুভেনাইল জাষ্টিচ বৰ্ডৰ) কেচসমূহো ভিডিঅ কনফাৰেন্সৰ যোগেদি লৈ থকা হৈছে বুলি আজি এই সকলো বোৰ তথ্য  জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা