লকডাউনৰ নীতি - নিৰ্দেশ সফল কৰিবলৈ গোলাঘাটত বলৎৱ হ'ব কঠোৰ নিৰ্দেশ
লকডাউনৰ নীতি - নিৰ্দেশ সফল কৰিবলৈ গোলাঘাটত বলৎৱ হ'ব কঠোৰ নিৰ্দেশ : গোলাঘাট,১৯ এপ্ৰিল: লকডাউনৰ নীতি - নিৰ্দেশনা এশ শতাংশ সফল কৰিবলৈ গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ নিৰ্দেশত কাইলৈ পুৱাৰ পৰা গোলাঘাটত বলৎৱ হ'ব কঠোৰ ব্যৱস্থা। কৰ'না ভাইৰাছ ৰ প্ৰাৰ্দুভাৱ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰি জনগণৰ জীৱন আৰু সম্পত্তি ৰ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ জিলাখনতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। অসম ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী ২০২০ ৰ নিয়ম ৩৪ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৪ অনুসৰি আৰোপ কৰা এই বাধা নিষেধ তাৎক্ষণিক ভাৱে বলৎৱ হৈছে। এই নিৰ্দেশনা ত জিলাখনত পাণ মছলা, জৰ্দা ,গুটখা বিক্ৰী কৰা আৰু যতে- ততে পিক পেলোৱা কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে জনসমাবেশৰ মাজত বা কোনো ৰাজহুৱা এলেকাত ,বাট -পথত থু - খেকাৰ , পিক পোলোৱা নিষিদ্ধ কৰা হৈছে। ঘৰৰ পৰা ওলাই যোৱা সকলো ব্যক্তিয়ে মাক্স পিন্ধাটো বাধ্যতামূলক কৰিছে। ইয়াৰোপৰি দুচকীয়া বাহনত দুজন উঠাতো নিষেধাক্ষা আৰোপ কৰিছে। এই নিষেধ সমূহৰ বিষয়ে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয় - মহাবিদ্যালয় , চৰকাৰী - বে - চৰকাৰী প্ৰতিষ্ঠান, চৰকাৰী - বে - চৰকাৰী চিকিৎসালয়,পৌৰসভা , নগৰসমিতিয়ে সজাগতা সৃষ্টিৰ বাবে বেনাৰ পষ্টাৰ আৰি থব লাগিব। লগতে সকলো চৰকাৰী - বেচৰকাৰী প্ৰতিষ্ঠান সমূহ ,চিকৎসালয়,বেংক,নাৰ্চিংহ'ম ,দোকান - পোহাৰ আদিত হাত ধুবৰ বাবে পানী - চাবোন বা চেনিটাইজাৰ ৰ ব্যৱস্থা ৰাখিব লাগিব। আৰু দুজন ব্যক্তিৰ মাজত এক মিটাৰ ব্যৱধান ৰাখিব লাগিব। এই সমূহ নিৰ্দেশনা কাইলৈ পুৱাৰ পৰা বলৎৱ হ'ব।অন্যথা নিৰ্দেশনা অমান্য কৰা সকলৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
Comments
Post a Comment