লকডাউনৰ সময়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান

লকডাউনৰ সময়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান : গোলাঘাট,২৭ এপ্ৰিল : লকডাউনৰ সময়ছোৱাত সমগ্ৰ গোলাঘাট জিলাত  উদ্ভৱ হোৱা সমস্যা সমাধানৰ দাবীত আজি সদৌ গোলাঘাট জিলা ছাত্ৰসন্থাই গোলাঘাটৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ লকডাউনৰ পিছত খুলিব লগীয়া বিদ্যালয়- মহাবিদ্যালয় সমূহত আগতীয়াকৈ চেনিটাইজেশ্যন কৰাৰ দাবী তোলাৰ লগতে বিগত সময়ত বৃহত্তৰ আঠখেলীয়া অঞ্চলত  বিধ্বংসী ধুমুহাই ক্ষতিগ্ৰস্ত কৰা গঞা ৰাইজক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰা , লকডাউনৰ ফলত জিলাখনৰ কৃষিজীৱী লোকসকলৰ হোৱা সমস্যা তথা ক্ষতিপূৰণৰ দাবী আৰু শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমূহৰ সমাধানৰ বাবে  উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষিমী দত্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। আজি এই স্মাৰক পত্ৰ প্ৰেৰণৰ সময়ত ছাত্ৰ সংগঠনটোৰ হৈ  কেন্দ্ৰীয় পৰ্যায়ৰ ছাত্ৰ নেতা মনোৱাৰ হুছেইনকে কৰি জিলা পৰ্যায়ৰ তিনিজন সম্পাদক উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা