নলবাৰীৰ চামতাত আঁচনিৰ ধন নিবলৈ অসম গ্রামীন বিকাশ বেংকত অভাবনীয় ভিৰ- গ্ৰাহকৰ লক্ ডাউন ভঙ্গ

*নলবাৰীৰ চামতাত আঁচনিৰ ধন নিবলৈ অসম গ্রামীন বিকাশ বেংকত অভাবনীয় ভিৰ- গ্ৰাহকৰ লক্ ডাউন ভঙ্গ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ এপ্ৰিল*


সম্প্ৰতি দেশত কৰ'ণা ভাইৰাছৰ আতংকত প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে ঘৰৰ ভিতৰত পৰিয়ালৰ লগতে ঘৰতে আবদ্ধ হৈ থকা আৰু সামাজিক দূৰত্ব বজাই  ৰখাৰ সময়ত সাধাৰণ লোকৰ লগতে দিনহাজিৰা কৰা বা অন্য দুখীয়া পৰিয়ালসমূহৰ জীৱন নির্বাহত জটিলতা আহি পৰিছে ৷ এনে জটিল পৰিস্থিতিত সাধাৰণ সকাহ দিয়াৰ বাবে দেশৰ লক্ষ্য লক্ষ্য দুখীয়া লোকৰ একাউণ্টৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ  কৃষি, উজ্জলা, বৃৃদ্ধ পেঞ্চন আদি বিভিন্ন আঁচনিৰ যোগেদি বেংক একাউণ্টত নগদ ধন প্ৰদান কৰিছে ৷ তেনে সময়তে গ্রাহকসকলে চামতাস্থিত অসম গ্রামীন বিকাশ বেংকৰ চামতা শাখালৈ নিজৰ একাউন্টত জমা হোৱা ধন ৰাশি নিবলৈ লক্ ডাউনৰ নীতি-নিয়মৰ কথা পাহৰি প্রায় বেংক কার্যালয়ৰ পৰা আধাকিলোমিটাৰ দূৰত্বলৈকে গ্রাহকে ভীৰ কৰিছেহি ৷ পশ্চিম নলবাৰী অঞ্চলৰ চামতা, আমনি, সাহপুৰ, গন্ধিয়া, পশ্চিম চামতা, কুলবিল, পহলংপাৰা, হীৰাপাৰা, হাতীৰপিঠি, সাহপুৰ আদি অঞ্চলৰ বিভিন্ন বেংক গ্রাহকসকলে সকলো নীতি-নিয়মক মোহাৰি কোনো সামাজিক দূৰত্ব বজাই নৰখাকৈ ইজনে সিজনৰ গাত ধৰা-ধৰিকৈ বেংকত প্ৰবেশ কৰাত চিন্তিত হৈ পৰিছে  অঞ্চলটোৰ সচেতনমহল ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা