বৰপেটাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ:

বৰপেটাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত বিনামূলীয়া মাস্ক বিতৰণ:

গ্ৰামীণ জীবিকা অভিযানৰ সুলভ বিক্ৰি কেন্দ্ৰ মুকলি |

কঞ্জল দাস, বৰপেটা, ৩০ এপ্ৰিল :: অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, বৰপেটাৰ উদ্যোগত আৰু আত্মসহায়ক গোটৰ সহযোগত আজি বৰপেটা চহৰত বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ নগৰ প্ৰকল্প পৰিচালনা খণ্ড, বৰপেটা পৌৰসভা আৰু আত্মসহায়ক গোটৰ দ্বাৰা তৈয়াৰী এই মুখবন্ধ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ কোভিড১৯ ৰ সেৱাত নিয়োজিত আৰক্ষী, স্বেচ্ছাসেৱক, সংবাদ কৰ্মীৰ লগতে সাধাৰণ ৰাইজক এই মাস্ক প্ৰদানৰ লক্ষ্যৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ মাক্স বিতৰণ কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অসম নগৰীয়া জীৱিকা অভিযানৰ নগৰ প্ৰকল্প পৰিচালক মিন্তু পাঠক আৰু অন্যান্য কৰ্মী আৰু আত্মসহায়ক গোটৰ কিছু সদস্যা উপস্থিত থাকে ৷ ইফালে অসম গ্ৰামীন জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সহযোগত কৰ'না প্ৰতিৰোধৰ অংশ হিচাপে কালি  জিলা সদৰৰ ৰাইনো ক্লাৱত এটি মাস্ক বিপনন কেন্দ্ৰ মুকলি কৰে। অাত্মসহায়ক গোট সমূহে ঘৰতে প্ৰস্তুত কৰা এই মাস্ক বিক্ৰি কেন্দ্ৰটি আনুষ্ঠানিক ভাৱে মুকলি কৰে জিলা গ্ৰামীণ অভিকৰণৰ প্ৰকল্প সঞ্চালক তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনৱ কুমাৰ শৰ্মাই। কেন্দ্ৰটি মুকলি কৰাৰ সময়ত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। কেন্দ্ৰটি মুকলি কৰাৰ পিছতেই জিলা প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে জানিবলৈ দি কয় যে জিলাখনৰ কমেও ৩০০০ গোটে এতিয়ালৈ ২৮ হেজাৰ মাস্ক উৎপাদন কৰি প্ৰায় ৪ লাখ টকা আয় কৰিবলৈ সক্ষম হৈছে। ইয়াত কাপোৰেৰে প্ৰস্তুত কৰা সুন্দৰ মাস্কবোৰ মাত্ৰ ৩০ টকা দৰত বিক্ৰিৰ ব্যৱস্থা কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি বৰপেটা উন্নয়ণ খণ্ডই দুটা, পাকাবেতবাৰী, বজালী, চেঙা,  অাদি উন্নয়ণ খণ্ড সমূহে এটাকৈ মাস্ক বিপনন কেন্দ্ৰ মুকলি কৰিছে। আনহাতে আত্মসহায়ক গোট সমূহৰ যৌথ সংস্থা গ্ৰাম্য সংগঠন সমূহে জিলাখনৰ গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালৰ উপৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানক বিনামূলীয়াকৈ মাস্ক বিতৰণৰ কাৰ্য হাতত লৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা