জামুগুৰিহাটত বৌদ্ধিক বিকাশ কেন্দ্ৰৰ উদ্যোগত অনলাইনযোগে অনুষ্ঠিত বৰগীতৰ ফলাফল ঘোষণা

#জামুগুৰিহাটত বৌদ্ধিক বিকাশ কেন্দ্ৰৰ উদ্যোগ৷
#অনলাইনযোগে অনুষ্ঠিত বৰগীতৰ ফলাফল ঘোষণা৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ এপ্ৰিল :  দেশত চলি থকা লকডাউনৰ বাবেই ঘৰতেই সকলো ব্যস্ত হৈ পৰিছে নানান সৃষ্টিশীল কৰ্মত৷তাৰমাজতে আকৌ বিদ্যালয় মহাবিদ্যালয় সমুহৰ পাঠদান সমুহো বন্ধ হৈ পৰাত ম’বাইলতে অনলাইন ব্যৱস্থাৰ জৰিয়তে আৰম্ভ হৈছে শিক্ষণ ঘাটি পুৰণৰ চেষ্টা৷লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলোৰে বাবেই সেয়ে ম’বাইলটো হৈ পৰিছে বৰ্তমান সময়ত এক এৰাব নোৱাৰা সম্পদ৷জামুগুৰিহাটৰ বৌদ্ধিক বিকাশৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান বৰহমপুৰস্থিত বীনাপানি বৌদ্ধিক বিকাশ কেন্দ্ৰই তেঁওলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনলাইনযোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা বৰগীত প্ৰতিযোগীতাৰ ফলাফল ঘোষণা কৰিছে৷লকডাউনৰ পৰিপ্ৰেক্ষিতত গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত প্ৰতিযোগীতাখনি জামুগুৰিহাটত অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অনলাইনযোগেই যোৱা ১২ এপ্ৰিলৰপৰা ২৭ এপ্ৰিললৈ এই প্ৰতিযোগীতা অনুষ্ঠিত হৈছিল৷“ক”,“খ”  আৰু “গ” তিনিটা ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনিত সৰ্বমুঠ ৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ঘোষিত ফলাফল অনুসৰি “ক” শাখাত প্ৰথম স্থান অধিকাৰ কৰে বৰ্ষাগ্নী ডেকা(বোকাখাট),দ্বিতীয় স্থান দখল কৰিছে অনুসূয়া গায়ন(জামুগুৰিহাট) আৰু তৃতীয় স্থান লাভ কৰিছে যুটীয়াভাৱে শৰণ্যা সাগৰ হাজৰিকা(জামুগুৰিহাট) আৰু কৃষ্ণাভ শইকীয়া(জামুগুৰিহাট)৷"খ" শাখাত প্ৰথম স্থান দখল কৰিছে ভাস্বতী কেঁওট(বিশ্বনাথ চাৰিআলি),দ্বিতীয় স্থান দখল কৰিছে শুভানন্দিনী দাস(বিশ্বনাথ চাৰিআলি) আৰু তৃতীয় স্থান যুটীয়াভাৱে দখল কৰিছে বিশ্বনাথ চাৰিআলিৰে পাহিস্মিতা মহন্ত আৰু কৌশিক বৰাই৷সেইদৰে "গ" শাখাত প্ৰথম স্থান অধিকাৰ কৰিছে শিৱসাগৰ নাজিৰাৰ পংকজ তামুলী,দ্বিতীয় স্থান দখল কৰিছে নাৰায়ণপুৰৰ ৰিম্পী শইকীয়া আৰু তৃতীয় স্থান দখল কৰিছে গুৱাহাটীৰ হৰ্ষিতা শৰ্মাই৷প্ৰতিযোগীতাখনিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ঝৰ্ণা ভড়ালী('খ' শাখা),প্ৰিয়াংগীতা কাকতী('খ' শাখা) আৰু শৈল্যযা বাৰুতি('খ' শাখা)৷অনলাইনযোগে ১৭ দিন ধৰি চলা এই প্ৰতিযোগীতাখনিত বিচাৰক হিচাপে আছিল মাজুলীৰ যুৱ শিল্পী সত্ৰীয়া সংস্কৃতিৰ গৱেষক,মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞা বৰবায়ন আৰু ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ লোকগীত আৰু বৰগীতৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী গোলাঘাটৰ কবিতা ৰাজকুমাৰী তাঁতী৷প্ৰতিযোগীতাখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জামুগুৰিহাটৰ বৰহমপুৰৰ বৌদ্ধিক বিকাশ কেন্দ্ৰৰ সভাপতি প্ৰকাশ শইকীয়া আৰু সম্পাদক প্ৰাঞ্জু বাৰুতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা