বঙাইগাঁও জিলাত আৱদ্ধ আন জিলাৰ ব্যক্তিক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ ব্যৱস্থা গ্ৰহণ

অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি লকডাউনৰ সময়ত বঙাইগাঁও জিলাত আৱদ্ধ আন জিলাৰ ব্যক্তিক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ ব্যৱস্থা গ্ৰহণ  

বঙাইগাঁওঃ ২৫ এপ্ৰিলঃঅসম চৰকাৰৰ নিৰ্দেশ অনুসৰি লকডাউনৰ সময়ত আন জিলাৰ যিসকল ব্যক্তি বঙাইগাঁও জিলাত আৱদ্ধ হৈ আছে সেইসকল ব্যক্তিক আজিৰে পৰা নিজ গৃহ জিলালৈ যোৱাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জিলা প্ৰশাসনে লকডাউনৰ বাবে আন জিলাৰ পৰা আহি বঙাইগাঁও জিলাত আৱদ্ধ হৈ থকা লোকসকলক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে বঙাইগাঁও গান্ধী ময়দানৰ পৰা নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷ প্ৰথম দিনটোত বঙাইগাঁও জিলাৰ পৰা চিৰাং ,বৰপেটা , বাক্সা , গোৱালপাৰা আৰু ধুবুৰী এই পাঁচখন জিলাৰ যিসকল লোক বঙাইগাঁও জিলাত অহাৰ পিছত লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল সেইসকলক লোকক নিজ নিজ জিলালৈ যোৱাৰ বাবে সুবিধা প্ৰদান কৰে ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে এই জিলাকেইখনলৈ যোৱাৰ বাবে ২০৩ জন ব্যক্তিয়ে ১০৪ নম্বৰৰ লগতে অনলাইনযোগে আবেদন কৰিছিল ৷ লোকসকলক উক্ত জিলা কেইখনলৈ কঢ়িয়াই নিয়া বাছসমূহ চেনিটাইজেচন কৰা হৈছে ৷ ইপিনে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে যিসকল লোকক নিজ নিজ জিলালৈ পঠোৱা হৈছে সেইসকল লোকৰ দুবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ প্ৰথমে যিজন ব্যক্তি নিজ জিলালৈ যাবলৈ আবেদন কৰিছে তেওঁক প্ৰথমে বৰ্তমান য'ত আছে সেই অঞ্চলৰ ওচৰতে থকা আৰক্ষী থানা বা আৰক্ষী চকীৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷ সেই ব্যক্তিসকলক আৰক্ষী থানা বা চকীত প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তাৰ পৰা লঘু বাহনেৰে বঙাইগাঁও গান্ধী ময়দানলৈ অনা হৈছে ৷ ইয়াতো পুনৰ তেওঁলোকৰ ক্ৰীণিং তথা স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতহে নিজ জিলালৈ যাবলৈ দিয়া হৈছে ৷ প্ৰশাসনৰ তৰফৰ পৰা এই লোকসকলক খোৱা পানী,বিস্কুট,জুচ যোগান ধৰাৰ লগতে একোটাকৈ মাস্ক দিয়া হৈছে ৷ লগতে প্ৰতিজন ব্যক্তিৰ নাম- ঠিকনা আদি আৰক্ষী থানাৰ লগতে বঙাইগাঁও গান্ধী ময়দানত থকা প্ৰশাসনৰ লোকে পঞ্জীয়ণ কৰি ৰাখিছে ৷ অহা ২৬ আৰু ২৭ এপ্ৰিলতো এইদৰে আন জিলাৰ লোকসকলক প্ৰেৰণ কৰা হ'ব ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো বাছ অধিগ্ৰহণ তথা আন যাৱতীয় সকলো ব্যৱস্থা জিলা প্ৰশাসনে কৰিছে ৷  

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা