জামুগুৰিহাটত যোগান বিভাগৰ অভিযান৷#অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰখা ৬১ টা চিলিণ্ডাৰ জব্দ
#জামুগুৰিহাটত যোগান বিভাগৰ অভিযান৷
ফাৰ্ষ্ট নিউজ , জামুগুৰিহাট,১৯ এপ্ৰিল:- লকডাউনৰ সময়ছোৱাত বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ কেইবাটাও স্থানত অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰখা ৬১ টাকৈ চিলিণ্ডাৰ আজি যোগান বিভাগে জব্দ কৰিবলৈ সক্ষম হয়।বিশেষ সূত্রৰ পম খেদি আজি যোগান বিভাগে ইটাখোলাৰ দেৱমণি শইকীয়া নামৰ অসাধু ব্যৱসায়ী জনে মজুত কৰি ৰখা ১৮ টা ইণ্ডেনৰ চিলিণ্ডাৰৰ লগতে ৰঙাচকুৱাৰ নিকটৱৰ্ত্তী দুই নং বাটমাৰীৰ ফণিৰাজ নেৱাৰ নামৰ অসাধু ব্যৱসায়ীজনৰ ঘৰৰ পৰা ৪৩ টা ইণ্ডেন গেছৰ চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।উত্থাপিত অভিযোগ অনুসৰি এই দুয়োগৰাকী ব্যৱসায়ীয়ে ইণ্ডেন গেছৰ এজেঞ্চিৰ লগত গোপন বুজাবুজিৰে এইদৰে ঘৰতে চিলিণ্ডাৰ ৰাখি উচ্চ দৰদ ৰাইজক বিক্ৰী কৰি মুনাফা লুটি আহিছিল।যিটো সময়ত জামুগুৰিহাটত থকা বসুন্ধৰা গেছ এজেন্সিয়ে বৃহত্তৰ জামুগুৰিহাট অঞ্চলত প্ৰতিঘৰ ব্যক্তিৰ ঘৰে ঘৰে গৈ উপভোক্তাক গেছ চিলিণ্ডাৰ যোগান ধৰিছে সেই সময়তে বিশ্বনাথ চাৰিআলি আৰু চাৰিদুৱাৰৰ পৰা এই দুয়োগৰাকী অসাধু ব্যৱসায়ীয়ে গোপন বুজা বুজিৰে ইণ্ডেন গেছৰ চিলিণ্ডাৰ আনি ৰাইজক উচ্চ দৰদ বিক্ৰী কৰি অহাৰ অভিযোগত অাজি যোগান বিভাগৰ বিষয়াই ইটাখোলাৰ পৰা ১৮ টা অাৰু বাটমাৰিৰ পৰা ৪৩টা মুঠ ৬১টা চিলিণ্ডাৰ জব্দ কৰে৷যোগান বিভাগৰ এই অভিযানত খাদ্য আৰু যোগান পৰিদৰ্শক বিকাশ দাস, সহ যোগান বিষয়া লিজি বৰুৱাৰ লগতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মন্টুছ চক্ৰৱৰ্তীও উপস্থিত অাছিল।
জোন বৰা,
জামুগুৰিহাট।
Comments
Post a Comment