এমাহলৈ মাজুলীত খাদ্য সামগ্ৰী মজুত : মন্ত্ৰী ফনীভূষণ চৌধুৰী

মাজুলীত যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী : জিলা প্ৰশাসন আৰু যোগান বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত: এমাহৰ বাবে মাজুলীত খাদ্য সামগ্ৰী মজুত থকাৰ কথা ঘোষণা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ:

পৰাণজ্যোতি বৰা, মাজুলী,২৫ এপ্ৰিল:


মাজুলীত ক'ভিড-১৯ৰ ল'ক ডাউনৰ সময়ছোৱাত খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰে জৰিত যোগান পৰিস্থিতিৰ বুজ ল'বলৈ অসমৰ  খাদ্য, অসামৰিক যোগান মন্ত্ৰী  ফণীভূষণ চৌধুৰী  আজি দুপৰীয়া প্ৰায় ১২-৩০ বজাত মাজুলীত আহি উপস্থিত হয়।  মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুপৰীয়া ১-০০ বজাত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি দহ দিনে ৰাজ্যৰ সকলোবোৰ জিলা ভ্ৰমণ কৰি খাদ্য সামগ্ৰীৰ মজুত আৰু উৎপাদনৰ বিষয়ে বুজ লৈ থকা ৰাজ্যৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী 
 মাজুলীত আহি উপস্থিত  হৈয়েই মন্ত্ৰী গৰাকীয়ে মাজুলীৰ উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে যোগান বিভাগৰ বিষয়াৰে মিলিত হৈ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ খাদ্য সামগ্ৰীৰ মজুত আৰু উৎপাদনৰ বিষয়ে বিষয়াবৰ্গৰ পৰা জানিবলৈ বিচাৰে।ইয়াৰ পাছতেই  মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয় চৌহদত পৰ্যালোচনা সভাৰ পাছতে সাংবাদিকৰেও মুখামুখি 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা