গুৱাহাটী আই আই টি, পূৰ্বোত্তৰ সীমান্ত ৰেল'ৱে আৰু উত্তৰ গুৱাহাটীত গামোচাৰে নিৰ্মিত মাস্ক বিতৰণ

গুৱাহাটী আই আই টি, পূৰ্বোত্তৰ সীমান্ত ৰেল'ৱে আৰু উত্তৰ গুৱাহাটীত গামোচাৰে নিৰ্মিত মাস্ক বিতৰণ 

পঙ্কজ নাথ, চাংসাৰি, ২৪ এপ্ৰিল :

ব'হাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। এই মাহৰ মাদকতাই সুকিয়া যদিও এইবাৰ সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ঘটা বাবে ইয়াৰ মাদকতা কিছু পৰিমাণে হ্ৰাস পালে। মানৱ সভ্যতাৰ বাবে ভাবুকি সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত তথা অসম চৰকাৰে লকডাউন ঘোষণা কৰিছে । যাৰবাবে এইবাৰ অনাড়ম্বৰ ভাৱে পতাকা উত্তোলনৰ জড়িয়তে এই বিহু উদযাপন কৰা হয়। ইয়াৰ বাবে এইবাৰ প্ৰিয় বিহুৱান লোৱা নহল। কিন্তু বিহুৱানখনকে অসমৰ বিভিন্ন প্ৰান্তত জীৱনদায়িনী মাস্কলৈ ৰূপান্তৰ কৰা দেখা গৈছে। কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডটো হাজাৰৰো অধিক গামোচাৰ পৰা মাস্ক নিৰ্মাণ কৰা হ'ল। আজি উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডত এই মাস্ক নিৰ্মাণৰ উত্তৰ গুৱাহাটীৰ মূখ্য উদ্যোক্তা ৰঞ্জন কুমাৰ শৰ্মাই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ অধ্যাপক ড: ঈশাংকুৰ শইকীয়া, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপিকা প্ৰতিমা বৰুৱা, আমিনগাওস্থিত যুৱ বিকাশ কেন্দ্ৰৰ সঞ্চালক ৰবীন্দ্ৰ হেমট্টতকাৰ, সমাজকৰ্মী কুলেন বড়োক বিহুৱান হিচাপে গামোচাৰ মাস্ক উপহাৰ দিয়ে। এই মাস্ক নিৰ্মাণত সহযোগিতা আগবঢ়াইছে জিতু দাস আৰু কাকলি বৰুৱাই। এই মাস্ক সমূহ স্হানীয় সাংবাদিক , শ্ৰমিক, মহিলা আদিক বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে গুৱাহাটী আই আই টি ৰ শ্ৰমিকসকল  আৰু পূৰ্বোত্তৰ সীমান্ত ৰেল'ৱে কৰ্মচাৰী সংঘকো এওঁলোকৰ জৰিয়তে যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা