১.৪ লাখ কৃষকক বিনামূলীয়া বীজ যোগান ধৰিব কৃষি বিভাগে:
কঞ্জল দাস,বৰপেটা, ২০ এপ্ৰিল: লক ডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ৰাজ্যখনৰ ১. ৪০ লাখ কৃষকৰ মাজত কৃষি বিভাগূ বিনামূলীয়াকৈ শস্যৰ বীজ বিতৰণ কৰিব। আজি বৰপেটাত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰে। জিলাখনৰ কৃষি ক্ষেত্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে অহা মন্ত্ৰী গৰাকীয়ে বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশলৈ এই কথা প্ৰকাশ কৰে। কৰোনা ভাইৰাছ মহামাৰীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ যাতে ভাঙি নপৰে তাৰ বাবে সচেষ্ট হৈ সকলোকে সেৱাৰ মনোভাবেৰে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। কৃষক সকলে সাৰ, ডিজেল, বীজ আদি ক্ৰয় কৰাত যাতে অসুবিধা নাপাই তাৰ লগতে পাচলি আৰু মাছ-মাংস আদিৰ বিক্ৰিৰ বাবেও জিলা প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰাই নিৰ্দেশ দিয়ে। তদুপৰি এনে জটিল সময়ত কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰীক ৰেহাই দিয়া নহব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে। কৰোনা আক্ৰান্ত অঞ্চলৰ পৰা যোৱা শাক-পাচলি আন জিলাৰ বাসিন্দাই গ্ৰহণ নকৰাটো তেনেই অমূলক আৰু অযুক্তিকৰ বুলি উল্লেখ কৰি কৃষিৰ উপৰি পশুপালন আৰু মীণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কয় যে এনে ধাৰণাৰ বাবেই আজি ৰাজ্যৰ কৃষি খণ্ড বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে। এই অৱস্থাৰ অৱসানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, বাঘবৰৰ বিধায়ক ছোৰমান আলী আহমেদ, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ উপৰি প্ৰশাসনৰ সকলো জেষ্ঠ বিষয়াৰ লগতে কৃষি, পশুপালন, মীন, জনসংযোগ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকল উপস্থিত আছিল। সভাৰ পিছতে মন্ত্ৰী গৰাকীয়ে এখন সংবাদ মেলো সম্বোধন কৰে।
Comments
Post a Comment