বাঁহজানী- তন্ত্রশংকৰাত ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী শাখাৰ খাদ্য সামগ্ৰী বিতৰণ

*বাঁহজানী- তন্ত্রশংকৰাত ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী শাখাৰ খাদ্য সামগ্ৰী বিতৰণ*

 *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ এপ্ৰিল*


ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী শাখাৰ উদ্যোগত আজি সোমবাৰে বাহঁজানীৰ পূৱ অৰৰাৰ ৭০ ঘৰ আৰু জিলাখনৰ তন্ত্রশংকৰা গাঁওৰ ৫৭ ঘৰ আৰু নলবাৰী চহৰৰ ২ নং ৱাৰ্ডৰ ১৫ ঘৰ মুঠ ১৪২ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা চ'ছাইটিৰ নলবাৰী শাখাৰ অধ্যক্ষ অশোক শৰ্মা,
উপাধ্যক্ষ প্ৰমোদ তালুকদাৰ,  সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত অঞ্চলটোৰ  লক্ ডাউনত সৰ্বহাৰা হোৱা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। কাৰ্যসূচীত সহযোগ কৰে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী শাখাৰ সদস্য দিগন্ত লোচন শৰ্মা, কোষাধ্যক্ষ দীপক বাজাজ,  ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী শাখাৰ  সদস্য, জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি দত্ত, সুনীল শৰ্মা, ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ নলবাৰী জিলা সমিতিৰ সদস্য তথা বিজেপিৰ পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি প্ৰতুল কলিতা, সাধাৰণ সম্পাদক ভূপেন ডেকা, কাৰ্যনিৰ্বাহক কিশোৰ কলিতা, বিজেপিৰ অবিচি মৰ্চা নলবাৰী জিলাৰ সভাপতি  ধনমনি দাস, ৭ নং পূৱ বাঁহজানী গাও পঞ্চায়তৰ সভানেত্ৰী নমিতা দাস, আঞ্চলিক সদস্য বংকিম শৰ্মা, যুৱ নেতা নিহাৰ ভড়ালী আৰু উদ্ধৱ ডেকাসহ ভালেমান লোকে সহযোগ কৰে। বিধায়কগৰাকীয়ে চৰকাৰৰ নীতি-নিয়ম মানি সকলোকে নিজৰ ঘৰত থাকি সুৰক্ষিত হৈ কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে লক্ ডাউন ভঙ্গ কৰিলে আইনী ব্যৱস্থা প্ৰশাসনে ল'লে তেওঁৰ ওচৰত গৈ লাভ নহ'ব বুলিও দোহাৰে। ভাৰতীয় ৰেড ক্ৰচ চ'ছাইটিৰ এনে প্ৰচেষ্টাক ৰাইজে শলাগ লয় । আনহাতে জিলাখনৰ পিপলিবাৰীত আৰু টেঙাবাৰীত আজিয়েই ১৪০ টা গৰীব পৰিয়ালৰ মাজত নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক ড৹ উমেশ তালুকদাৰেও খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । ইয়াৰ পূৰ্বেও ডঃ তালুকদাৰে দুশটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা