পাটাছাৰকুছিৰ সৰবৰহী ৰজনী গোস্বামীৰ বিয়োগ

পাটাছাৰকুছিৰ সৰবৰহী ৰজনী গোস্বামীৰ বিয়োগ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২১ এপ্ৰিলঃ বৰপেটা জিলাৰ পাটাছাৰকুছিৰ সৰবৰহী ব্যক্তি ৰজনী গোস্বামী(৮১)ৰ যোৱা ১৮ এপ্ৰিল তাৰিখে সন্ধিয়া ৭.১৩ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে, প্ৰয়াত গোস্বামী আবকাৰী বিভাগৰ কৰ্মসূত্ৰে সূদীৰ্ঘ দিন ধৰি দুলিয়াজানত কাৰ্যনিৰ্বাহ কৰিছিল। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা ৰজনী গোস্বামী সৰুৰে পৰা বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ এজন সুবিখ্যাত ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল। দীৰ্ঘদিন ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰয়াত ৰজনী গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নী, তিনিগৰাকী পুত্ৰ-বোৱাৰী, জী-জোঁৱাই , নাতি নাতিনী ইহসংসাৰত এৰি থৈ যায়। গোস্বামীৰ মৃত্যুত পাটাছাৰকুছিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা