গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুলক খাদ্য খুৱালে ৰাভা হাছঙৰ অধ্যক্ষ চাৰুমোহন ৰাভাই

লকডাউনৰ ফলত কপিকুলও খাদ্য সংকটত ভুগিছে ৷ এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী টুকুৰাস্থিত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত থকা বান্দৰৰ দৃশ্য ৷ লকডাউনৰ মাজতে টুক্ৰেশ্বৰী দেৱালয়ত উপস্থিত হৈ শ শ কপিকুলক খাদ্য যোগান ধৰিছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই ৷ ৰাভা হাছঙৰ অধ্যক্ষ গৰাকীয়ে পৰিষদীয় এলেকাত আৰ্তজনক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত থকা কপিকুলৰ খাদ্য নাটনি হোৱাত নিজে উপস্থিত হৈ খাদ্য প্ৰদান কৰে শ শ কপিকুলক ৷ অধ্যক্ষ চাৰুমোহন ৰাভাৰ এনে মহানুভৱতাৰ পদক্ষেপক আদৰি জনায় দেৱালয়ৰ পুৰহিত সকল ৷  উল্লেখ্য যে দেশত লকডাউন ঘোষণা কৰাৰ দিনৰে পৰা টুক্ৰেশ্বৰী দেৱালয়ত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হব নোৱাৰাৰ ফলত কপিকুলৰ খাদ্যৰ নাটনি হৈ আহিছে ৷ কিয়নো ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্চা পূৰণৰ উদ্দেশ্যে প্ৰতিদিনে দেৱালয়ত ভিৰ কৰে আৰু কপিকুলক খাদ্য প্ৰদান কৰে ৷ যাৰ বাবে খাদ্যৰ অভাৱ হোৱা নাছিল দেৱালয়ৰ কপিকুলৰ মাজত ৷ ইয়াৰ মাজতে অৱশ্যে জিলাখনৰ ভিন্ন প্ৰান্তৰ লোকে মাজে মাজে কপিকুলক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়াত সচেতন মহলে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা