নেটফ্লিক্সে পৰিয়ালৰ বাবে নিজৰ সেৱাৰ এক নিয়ন্ত্ৰণ আৰম্ভ কৰিলে

নেটফ্লিক্সে পৰিয়ালৰ বাবে নিজৰ সেৱাৰ এক নিয়ন্ত্ৰণ আৰম্ভ কৰিলে


ষ্টাফৰিপৰ্টাৰ,,, ২১ এপ্ৰিল।।পৃথিৱীৰ অগ্ৰণী ইণ্টাৰনেট সেৱা নেটফ্লিক্সে তেওঁলোকৰ সদস্য সকলৰ বাবে এক  নতুন আৰু উন্নত নিয়ন্ত্ৰণ আৰম্ভ কৰিছে যাতে,পিতৃ-মাতৃ, অভিভাৱক আৰু বয়োজ্যেষ্ঠ সকলে নিজৰ পৰিয়ালৰ দ্বাৰা নেটফ্লিক্স চোৱাৰ সময়ত শুদ্ধ নিৰ্ণয় ল'ব পাৰে। এতিয়াৰ পৰা পিতৃ-মাতৃ সকলে তেওঁলোকৰ ব্যক্তিগত পিন প্ৰফাইলৰ ৰক্ষা তেওঁলোকে নিজে কৰিব পাৰিব, আৰু ল'ৰা ছোৱালীৰ  বাবে যি প্ৰফাইল বনোৱা হৈছে আৰু তেওঁলোকে কি চাইছে এইবোৰৰ বিষয়ে পিতৃ-মাতৃ জ্ঞাত হ'ব পৰিব। আনহাতে, কিডছ প্ৰফাইল এপিচো'ডৰ অটো প্লে'ও বন্ধ কৰি দিব পাৰিব। এই সন্দৰ্ভত নেটফ্লিক্স কিডছ প্ৰডাক্ট মেনেজাৰ মিচেল পার্চন্সে কয়"-বিকল্প আৰু নিয়ন্ত্ৰণ আমাৰ সদস্য বিশেষকৈ মাক-দেউতাকৰ বাবে সদায় গুৰুত্বপূৰ্ণ। তেঁও লগতে কয়" সকলো পৰিয়াল সুকীয়া নেটফিক্সে সৰু ল'ৰা ছোৱালীৰ বাবে পাৰিবাৰিক চিনেমা, টিভি অনুষ্ঠান আদিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে। ভাৰতীয় কিডছ চিৰিজ মাইটী, লিটিল ভীম আদি নেটফিক্সত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কিডছে উপভোগ কৰে।"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা