বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া অসুস্থ

কঞ্জল দাস,বৰপেটা ৩০ এপ্ৰিল : বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস অসুস্থ ৷ যোৱা ১৪ এপ্ৰিলৰ পৰা পিঠিৰ বিষত ভূগি থকাৰ পিছত বৰপেটাত চিকিৎসা কৰা হৈছিল যদিও আৰোগ্য নোহোৱাত কালি উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীলৈ নিয়ে  আৰু আজি গুৱাহাটীৰ গনেশগুৰিস্থিত এপলো (ইণ্টাৰনেচনেল) হস্পিতালত ভৰ্তি কৰা হৈছে ৷ সম্পতি ডেকা সত্ৰীয়া দাসক আই চি ইউত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ ডেকা সত্ৰীয়া দাস  অসুস্থ হৈ পৰাৰ খবৰে বৰপেটাবাসীক মৰ্মাহত কৰি তুলিছে ৷ বৰপেটা সত্ৰৰ ভকত- আইসকলৰ উপৰি , বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসম , শংকৰদেৱ শাস্ত্ৰ অধ্যায়নাগাৰ , শংকৰদেৱ কলা ক্ষেত্ৰ বৰপেটাকে প্ৰমুখ্য কৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে ৷আজি পুৱা ১০- ৩০ বজাত জানিব পৰা মতে কালিতকৈ আজি কিছু সুস্থ ৷ কালি নিশা সত্ৰীয়া বাপজনাক ভেণ্টিলেচনত থব লগা অৱস্থাৰ সৃষ্টি হৈছিল যদিও চিকিৎসকৰ চেষ্টাত  সেই পৰ্যায় নাপালে ৷ তেখেতৰ হাওঁফাওঁত পানী জমা হৈছে ৷ কালি নিশালৈকে অক্সিজেন ৮০ তকৈও বহুত কম পাইছিল ৷ আজি ৯০ পৰ্যন্ত পাইছে  ৷ কালি হৃদস্পন্দন ১১৫ আছিল আজি ১১৪ হৈছে। ইপিনে চুগাৰ বহু থকাত ইনচুলিন দি থকা হৈছে আৰু হাওঁফাওঁৰ পানী উলিয়াব পৰা পৰ্যায় এতিয়াও অহা নাই ৷ ডেকা সত্ৰীয়া বাপৰ লগত তেখেতৰ সহধৰ্মীনি আৰু ভাতৃ আছে ৷ বাপজনাৰ অসুস্থতাক লৈ যাতে কোনো উৰা বাতৰি নোলায় তাৰ বাবে সত্ৰৰ তৰফৰ পৰা আহ্বান জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা