বৃহত্তৰ শিৱসাগৰ জিলাৰ সাংবাদিক মঞ্চ প্ৰশংসনীয় পদক্ষেপ
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৯ এপ্ৰিল : বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চ' উদ্যোগত তথা সদস্যসকলৰ সহযোগত ল'ক ডাউনৰ সময়চোৱাত, নগৰৰ বিশেষ দৰিদ্ৰ পৰিয়ালসমুহক খাদ্য সামগ্ৰী যোগান ধৰি সকাহ প্ৰদান কৰি প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে । বিগত দিনবোৰত বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চ'ই জিলাখনত বিভিন্ন দিশত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ দৰে এই সংকতৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ ক্ষেত্রত শিৱসাগৰৰ সৰ্বসাধাৰণ ৰাইজে একেমুখ শলাগ লয় |সাংবাদিক সংগঠনটো সম্পাদক পংকজ খাউণ্ডৰ নেতৃত্বত সমিতিৰ সতীৰ্থ সদস্য সকলৰ সৈতে নিজা খৰচত শিৱসাগৰ নগৰ খনৰ প্ৰায় ৫০ টা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে । তদুপৰি বিভিন্ন সময়ত জিলা প্ৰশাসন ৰ সৈতে মিলিত হৈ জিলা খনৰ সৰ্বাংগীন বিকাশৰ বাবে অহৰহ সহায়ৰ হাত আগবঢ়াই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ যোগ্য যে ল'ক ডাউনৰ সময়ত জিলা খনত দৰিদ্ৰ পৰিয়াল সমুহত দেখা দিয়া খাদ্য সমস্যাত অকণমান সহায় কৰাৰ সামসেৰে অত্যাৱশ্যকীয় সামগ্ৰী আভাৱী অনুসৰি ঘৰে ঘৰে গৈ অতি সুশৃংখলিত ভাবে প্ৰদান কৰিছে । যাতে কোনো লোকে ঘৰৰ পৰা ওলাই আহিব লগীয়া নহয় | আনহাতে সামাজিক ব্যৱধান মানি চলি, চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি চলে তাৰো পৰামৰ্শ প্ৰদান কৰে বুলি সংগঠনটোৰ সম্পাদক পংকজ খাউণ্ডে জানিবলৈ দিয়ে | সামগ্ৰী বিতৰণৰ অংশ গ্ৰহণ কৰে সংগঠনটোৰ কায্যকৰী সভাপতি লুইছ হাজৰিকা , অন্যতম সদস্য প্ৰশান্ত বৰগোঁহাই , ঈন্দ্ৰ শেখৰ শৰ্মা আদি বহুকেইজনে
তেওঁলোকৰ মহানুভতাক শিৱসাগব বাসীয়ে একেমুখে শলাগ লয় ।
Comments
Post a Comment