নলবাৰীৰ অসম একাডেমীৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ আগবঢ়ালে ২০হেজাৰ টকাৰ সাহায্য

*নলবাৰীৰ অসম একাডেমীৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ আগবঢ়ালে  ২০হেজাৰ টকাৰ সাহায্য*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২২ এপ্ৰিল*


সমগ্ৰ বিশ্বতে এতিয়া কৰ'ণাৰ আতংক । কৰ'ণাৰ বিৰুদ্ধে চলা যুজৰ বাবে আৱশ্যক হৈছে অতিৰিক্ত বহু পৰিমাণৰ ধন । সেয়ে সাধ্যানুসাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ আগবঢ়াইছে  সাহায্য । মঙ্গলবাৰে নলবাৰীৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান অসম একাডেমী, নলবাৰীৰ তৰফৰ পৰা    মাৰাত্মক মহামাৰী কৰ'ণাৰ বিৰুদ্ধে চলা যুজৰ বাবে অসম আৰোগ্য নিধিলৈ ২০ হেজাৰ টকাৰ সাহায্য আগবঢ়াইছে । সাহায্যৰ ধন ৰাশি অসম আৰোগ্য নিধিলৈ চেকযোগে অৰ্পণ কৰে নলবাৰীৰ বিধায়ক  অশোক শৰ্মাৰ হাতত । উক্ত মুহূৰ্তত উপস্থিত থাকে শৈক্ষিক প্ৰতিষ্ঠানটোৰ সভাপতি অনুকূল শৰ্মা, সম্পাদক  অৰূপ কুমাৰ শৰ্মা আৰু পৰিচালনা সমিতিৰ অন্যতম সদস্য তপন কুমাৰ শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা