কালিপুৰ, কামাখ্যা, বৰাগাওঁ, জু-ৰোড , ফটাশিল আমবাৰীত আনন্দ নিকেতন ট্ৰাষ্টৰ মাস্ক বিতৰণ

পঙ্কজ নাথ, চাংসাৰি, ৩০ এপ্ৰিল :

বিশ্বত কৰ'ণা ভাইৰাছ  মহামাৰী সংকটৰ বাবে গোটেই ভাৰতবৰ্ষত লকডাউন চলি আছে । এই লকডাউনৰ সময়ত দৰিদ্ৰ জনৰ সহায়ৰ বাবে গুৱাহাটীৰ কালিপুৰৰ আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰমে  নানা ধৰনৰ সামাজিক উন্নয়ন মুলক কাম কৰি আহিছে, আজিওঁ এই লকডাউনৰ সময়ত আনন্দ নিকেতন ট্ৰাষ্ট ৰ ফালৰ পৰা  গুৱাহাটী মহানগৰৰ  কালিপুৰ, কামাখ্যা, বৰাগাওঁ, জু-ৰোড , ফটাশিল আমবাৰী আদি ঠাইত স্থানীয় লোকৰ  লগতে কিছুমান ভাৰাঘৰত থকা লোকসকলক প্ৰাই দুই শ পৰিয়ালক  মাস্ক যোগান ধৰা হয় । আনন্দ নিকেতন ট্ৰাষ্টৰ মনোজ কলিতা , ট্ৰাষ্টৰ কাৰ্য্যকৰী সদস্য ড০ পৱন তিৱাৰী আৰু চান্সিৰাম পায়েংৰ লগতে ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ উপৰিও ইয়াৰ বহুতো কাৰ্য্যকৰ্তাই উক্ত মাস্ক বিতৰণ কৰে । এই মাস্ক গ্ৰহণ কৰিব অহা লোকসকলক কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰি ইয়াৰ বিষয়ে ধুনীয়াকৈ আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰমুখ মনোজ কলিতাই  বুজাই দিয়ে আৰু লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা