প্ৰতিষ্ঠা দিৱসত অসম আৰক্ষীৰ সহযোগত মেক্স চিমেণ্টে দৰিদ্ৰ জনতাৰ মাজত বিতৰণ কৰিলে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী

প্ৰতিষ্ঠা দিৱসত অসম আৰক্ষীৰ সহযোগত মেক্স চিমেণ্টে দৰিদ্ৰ জনতাৰ মাজত বিতৰণ কৰিলে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী

ষ্টাফৰিপৰ্টাৰ,,,১৭ এপ্ৰিল, উত্তৰ-পূৱৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান মেক্স চিমেণ্টে ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দৰিদ্ৰ জনতাৰ মাজত বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা লকডাউনৰ বাবে সামগ্ৰিক অৱস্থা তথৈবচ হৈ পৰিছে দৰিদ্ৰ লোকসকলৰ। সেয়ে তেওঁলোকক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যেই চিমেণ্ট প্ৰতিষ্ঠানটোৱে এনে এক পদক্ষেপ গ্ৰহণ কৰে।
মেক্স চিমেণ্টে অসম আৰক্ষীৰ সহযোগত গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া এলেকাবোৰত এইসমূহ সামগ্ৰী বিতৰণ খৰে। সামগ্ৰী বিতৰণ কৰোতে প্ৰয়োজনীয় সকলোধৰণৰ পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে সামাজিক ব্যৱধান কঠোৰভাৱে পালন কৰা হয়। উল্লেখ্য যে মেক্স চিমেণ্টৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ প্ৰয়াত জি এন আগৰৱালৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী হাতত লোৱা হৈছিল।
এখ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী গুৱাহাটীৰ দাঁতিকাষৰীয়া বিভিন্ন স্থানত সম্পন্ন কৰা হৈছে। আদিংগিৰি পাহাৰ, গোশালা, মালিগাওঁ আৰু আদাবাৰীৰ বিভিন্ন স্থানত এনেদৰে সামগ্ৰী বিতৰণ কৰা হৈছে। চাউল, দাইল, মিঠাতেল আৰু বিভিন্ন শাক-পাচলি বিতৰণ কৰা হয় এই কাৰ্যসূচীত।
এই কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, ক’ভিড-১৯ ৰ এই মহামাৰী ৰোধ কৰাৰ সমান্তৰালকৈ লকডাউনৰ সময়ছোৱাত বিপদত পৰা দৰিদ্ৰ লোকসকললৈ সাহায্য আগবঢ়োৱাৰ এক সামান্য প্ৰয়াস কৰিছো আমি।
আগৰৱালে লগতে কয়, ‘আমি গুৱাহাটীত বসবাস কৰা বিভিন্ন দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ কৰা অৱস্থাত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থতে আমি পৰিস্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰা আৰু সামাজিকব্যৱধাৰ ৰক্ষা কৰি চলিছো।’
এই সন্দৰ্ভত মেক্স চিমেণ্টৰ সঞ্চালক প্ৰকাশ আগৰৱালাই কয়, “প্ৰতিবছৰেই আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি আমাৰ আদৰৰ প্ৰয়াত অধ্যক্ষ তথা প্ৰতিষ্ঠাপক জি এন আগৰৱালৰ মৃত্যু তিথিটো স্মৰণ কৰো। সাধ্যানুসৰি এই দিনটোত আমি সমাজৰ দৰিদ্ৰ লোকসকলক সহায় কৰাৰ প্ৰয়াস কৰো।”
তেওঁ লগতে কয়, “আমি এইবছৰো সঠিক সামাজিক ব্যৱধান ৰক্ষা কৰি আৰু পৰিস্কাৰ পৰিচ্ছ্ন্নতা বজাই ৰাখি দৰিদ্ৰ লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ৰেচন সামগ্ৰী বিতৰণ কৰাৰ চেষ্টা কৰিছো।”

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা