লক ডাউন শিথিলতাৰ সুযোগ লৈ জামুগুৰিহাটত বজাৰসদৃশ পৰিবেশ

#লক ডাউন শিথিলতাৰ সুযোগ লৈ জামুগুৰিহাটত বজাৰসদৃশ পৰিবেশ৷
#ভিৰ নিয়ন্ত্ৰণত ব্যস্ত হ’বলগা হ’ল আৰক্ষী
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ এপ্ৰিল:  ৰাজ্যত লক ডাউনত কিছু শিথিলতা দিয়াৰ পিছতেই জামুগুৰিহাটত সৃষ্টি হ’ল এক অভাৱনীয় পৰিস্থিতিৰ। লক ডাউনৰ সকলো নীতি নিৰ্দেশনাক ভেঙুচালী কৰি একপ্ৰকাৰ  ৰাজপথত আজি পুৱাৰপৰাই ওলাই আহিল অসংখ্য লোক।কি বেংক প্ৰতিস্থান,কি অন্য অত্যাৱশকীয় সামগ্ৰীৰ দোকানৰ সন্মুখ।সকলোতে কেৱল দখা পোবা গ’ল মানুহৰ ভিৰ।বিশেষকৈ জামুগুৰিহাটৰ ইউকো বেংক,অসম গ্ৰামীণ বিকাশ বেংক,ভাৰতীয় ষ্টেট বেংক সন্মুখত আজি দেখা পোবা গ’ল মানুহৰ লানি নিচিগা শাৰী৷বেংকৰ পৰা টকা উলিয়াবলৈ অহা লোকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে বেংককেইটাৰ সন্মুখত।য’ত কোনেও মানি চলা নাই সামাজিক দূৰত্বৰ নীতি নিৰ্দেশনাৰ নিয়ম। গাত গা লগাই বেংকৰপৰা টকা উলিয়াবলৈ হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে গ্ৰাহকসকলে৷যেন লকডাউন শেষ হোৱাৰ দৰেই জামুগুৰিহাটত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে গৃহৰপৰা ওলাই অহা লোকসকলে৷একাংশ লোকে আকৌ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি শাক পাচলিৰ বজাৰ পৰ্যন্ত বহুৱাৰ লগতে আন একাংশই সামান্য অজুহাত দেখুৱাই বাইক,গাড়ী আদি বাহনসমুহ লৈও আজি ঘৰৰপৰা ওলাই অহা দেখা পোৱা যায়৷অৱশ্যে জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শাক পাচলিৰ বজাৰত ছত্ৰভঙ্গ দিয়াৰ লগতে বেংক প্ৰতিষ্ঠানসমুহত কোনো নীতি নিৰ্দেশনা নামানি ভিৰ কৰা লোকসকলক সামাজিক দুৰত্বৰ নিয়ম অনুসৰি শাৰি পতাই ধন উলিয়াবলৈ নিয়ম কৰি দিয়াৰ লগতে  বাইক আৰু চাৰিচকীয়া বাহনসমুহৰো তালাচী চলোৱা আৰম্ভ কৰে৷উল্লেখ্য যে ৰাজ্য চৰকাৰে লকডাউনত কিছু শিথিলতা দিয়াৰ কথা ঘোষণা কৰিছে যদিও শিথিলতা দিয়াৰ প্ৰথম দিনটোতেই জামুগুৰিহাটৰ পৰিবেশে অনাগত দিনকেইটাত অঞ্চলটোত লকডাউনৰ যি নীতি নিৰ্দেশনা সেইয়া সম্পূৰ্ণৰূপে যে ধোৱাচাঙত উঠাব সেইটো আজিৰ পৰিৱেশেই নিশ্চিত কৰে৷এইক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসন কঠোৰ নহ’লে জামুগুৰিহাটত দ্বিতীয় পৰ্য্যায়ৰ লকডাউনৰ নীতি নিয়ম শেষ হোৱাৰ পূৰ্বেই ভংগ হোৱাৰ পথত গতি কৰিছে বুলিয়েই ক’ব লাগিব৷ জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা