অসম আৰোগ্য নিধিলৈ গৌৰীপুৰৰ স্মৃতি গ্ৰাম্য সংগঠনৰ অনুদান

অসম আৰোগ্য নিধিলৈ গৌৰীপুৰৰ স্মৃতি গ্ৰাম্য সংগঠনৰ অনুদান ।

পঙ্কজ নাথ, চাংসাৰি, ৩০ এপ্ৰিল :

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাৰ আহ্বান ক্ৰমে ভয়াৱহ কৰ'না ভাইৰাছৰ
বিৰুদ্ধে চলি থকা যুদ্ধখনত জয়ী হ'ৱলৈ ৰাজ্যৰ অগণন জনতাই 'অসম আৰোগ্য নিধিলৈ ' আগবঢ়াইছে সহায়ৰ হাত । তাৰেই পৰিপ্ৰেক্ষিতত জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ সমীপৱৰ্তী গৌৰীপুৰৰ আত্মসহায়ক গোটৰ দ্বাৰা গঠিত স্মৃতি গ্ৰাম্য সংগঠনে আৰাধ্য নিধিলৈ আগবঢ়াইছে ১০০০০/- টকাৰ অনুদান । স্মৃতি গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মুন দাসে উক্ত ধনখিনি চেক যোগে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰীৰ হাতত অলপতে প্ৰদান কৰি কৰ'না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুজঁ খনত চৰকাৰক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । ইতিমধ্যে বিশিষ্ট সমাজকৰ্মী মুন দাসৰ নেতৃত্বত আৰ্তজনলৈ খাদ্য সাহায্য আগবঢ়োৱাৰ লগতে উত্তৰ গুৱাহাটী, গৌৰীপুৰ, চাংসাৰি আৰু বাইহাটা চাৰিআলিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গামোচাৰে তৈয়াৰী মাস্ক বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা