পঞ্চভূতত বিলীন দেৱানন্দ কোঁৱৰঃ

পঞ্চভূতত বিলীন দেৱানন্দ কোঁৱৰঃ  পিতৃ ভিঠা নিতাই পুখুৰী কোঁৱৰ গাঁৱত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যপাল গৰাকীৰ


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ এপ্ৰিত : পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ

২৫ এপ্ৰিলৰ নিশা নেতা গৰাকীৰ নশ্বৰ দেহ  নিতাইপুখুৰী কোঁৱৰ গাঁৱত উপস্থিত হোৱাৰ পাছত আজি পুৱা শেষকৃত্য সম্পন্ন কৰা হয় ৰাজ্যৰ প্ৰাক্তন আইন আৰু বিত্তমন্ত্ৰী তথা তিনিখন ৰাজ্যৰ ৰাজ্যপাল গৰাকীৰ |
পিতৃ ভিঠা নিতাইপুখুৰী কোঁৱৰ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন প্ৰবীন ৰাজনীতিক গৰাকীৰ |
পিতৃ-মাতৃৰ সমাধিৰ কাষতে শেষ শয়ন তীক্ষ্ণধী ৰাজনীতিক গৰাকীৰ |
শোকাকূল অঞ্চলবাসীয়ে
প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধা অজস্ৰজনৰ |
আজি শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ হৈ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, বিধায়ক কুশল দুৱৰী, সুশান্ত বৰগোঁহাইকে ধৰি শাসক-বিৰোধীৰ বহু সংখ্যক ৰাজনৈতিক নেতাৰ কোঁৱৰৰ শেষ যাত্ৰাত অংশ গ্ৰহণ কৰে |
শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অজস্ৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেতা গৰাকীক ৷ আনহাতে মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী যোগেন মহনে জ্ঞাপন কৰে শেষ শ্ৰদ্ধা |
পুত্ৰ পলাশ কোঁৱৰে বিহাৰ -পশ্চিমবংগ,ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল গৰাকীৰ মুখাগ্নি কৰে |
দেৱানন্দ কোঁৱৰ এজন অতি দক্ষ্য তথা সুনিপুন নেতা ৰূপে পৰিচিত আছিল | তেখেত শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰী কোঁৱৰ গাৱৰ প্ৰয়াত পদ্মকান্ত কোঁৱৰ আৰু কুসুম কুমাৰী কোঁৱৰৰ জেষ্ঠ পুত্ৰ | কোঁৱৰে ১৯৩৬ চনত তিনিচুকীয়াৰ ৰজাআলি চাহ বাগিচাত জন্ম হয় আৰু নিতাইপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
 কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এল এল বি ডিগ্ৰী লৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে প্ৰয়াত কোঁৱৰে।
 অসম আন্দোলনৰ সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা আঢ়ৈ বছৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি ক্ৰমে ১৯৯১, ১৯৯৬ আৰু ২০০১ চনত  তিনিটা কাৰ্যকাল থাওৰা সমষ্টিক প্ৰতিনিধিত্ব কৰে। 
তেওঁ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ আইন মন্ত্ৰী আৰু দুটা কাৰ্যকাল তৰুণ গগৈ মন্ত্ৰীসভাৰ বিত্ত, আইন আৰু ৰাজহ মন্ত্ৰী আছিল। 
পৰৱৰ্তী সময়ত ২০০৯ ৰ পৰা ২০১০ লৈ পশ্চিমবংগ, ২০০৯ ৰ পৰা ২০১৩ লৈ বিহাৰ আৰু ২০১৩ৰ পৰা ২০১৪ লৈ ত্ৰিপুৰাৰো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  
মৃত্যুৰ সময়ত প্ৰয়াত কোঁৱৰে দুই ভাতৃ, পত্নী নিভা কোঁৱৰ, দুগৰাকী কন্যা আৰু এক পুত্ৰসহ নাতি-নাতিনীসকলক ইহ সংসাৰত এৰি থৈ যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা